মেচৰ আৰম্ভণিতে ইংলেণ্ড আছিল লেহেমীয়া ৷ চাপগ্ৰস্ত ৷ আমেৰিকাৰ বিৰুদ্ধে অহা জড়াগ্ৰস্ততা যেন আঁতৰা নাছিল। প্ৰশিক্ষক গেৰেথ ছাউথগেটে আমেৰিকাৰ বিৰুদ্ধে লোৱা ৪-২-৩-১ৰ ফৰ্মেচনে সেই জড়তা আনিছিল৷

দুজনীয়া মিডফিল্ড হৈ পৰিছিল নিশকতীয়া ৷ পৰাস্ত ৷ এগাল আক্ৰমণাত্মক প্ৰতিভা পথাৰত থকা সত্বেও আমেৰিকাৰ বিৰুদ্ধে সেই দুৰ্বলতাৰ বাবেই ইংলেণ্ডে পইন্ট হেৰুৱাইছিল ৷ সেই ভুল ৱেল্‌ছৰ বিৰুদ্ধে কৰাৰ কোনো সুযোগ ছাউথগেটৰ হাতত কালি নাছিল। সেইবাবেই তেওঁ নিজৰ স্বাভাৱিক ৪-২-৩-১ৰ সলনি দল সজাইছিল আক্ৰমণাত্মক আৰু সৃষ্টিশীল ৪-৩-৩ৰে ৷

ৰক্ষণৰ বাওঁদিশে লুক শ্ব, সোঁদিশে কাইল ৱাকাৰ, মাজত হেৰী মেগৱায়াৰ আৰু জন ষ্ট’ন্‌ছ। বেলিংটন, ৰাইচ আৰু হেণ্ডাৰছনে চম্ভালিছিল মিডফিল্ড ৷ নাছিল মেছন মাউণ্ট৷ আক্ৰমণত প্ৰথমবাৰলৈ মূল একাদশলৈ অহা মাৰ্কাছ ৰাশ্বফ’ ৰ্ডে বাঁও দিশে আৰু সোঁদিশে ফিল ফ’ডেন৷ মাজত হেৰী কেইন।

তাৰ পাছতো প্ৰথমাৰ্ধত জৰুৰী চোক নাছিল ইংলিছ আক্ৰমণত ৷ দেখা গৈছিল ধৈৰ্যসহকাৰে লোৱা বল দখলৰ নীতি ৷ নিজৰ হাফত বল দখলত ৰখাৰ আপেক্ষিকভাৱে কোনো ফল নাছিল। ছাউথগেটৰ নিৰ্দেশ আছিল বল দখলত ৰাখি খেলৰ গতি নিয়ন্ত্ৰণ কৰা ৷ কিন্তু পেপ গাৰ্ডিঅ’লাৰ এই ৰণকৌশল ৰূপায়ন কৰিবলৈ বিপক্ষৰ বিপজ্জনক অঞ্চললৈ বল আগুৱাই নিবও লাগিব৷

ইংলেণ্ডে বল আগুৱাই নিছিল হয়৷ ৱেল্‌ছৰ ভিৰে তাক কাবু কৰি পেলাইছিল। ইয়াৰ পাছতে দ্বিতীয়াৰ্ধত ছাউথগেটে গাঁথনিত কিছু পৰিৱৰ্তন ঘটাইছিল৷ ৰাশ্বফ’ৰ্ড আৰু ফ’ডেনক ভিতৰত খেলোৱাৰ সলনি মৌলিক উইংগাৰৰূপে দুয়োদিশৰ পৰা আক্ৰমণত লগাইছিল। দুয়োজনেই নিজৰ সেই স্বাচ্ছন্দ্যৰ ঠাইৰপৰাই দুয়োটা গ’ল কৰিছিল।

তৃতীয় গ’লটো ছাউথগেটে নিজৰ ৰণনীতিত কৰা improvisationৰ কুশলতাৰ প্ৰমাণ ৷ তেওঁ কৰা সময়োচিত ছাবষ্টিটিউচন এই improvisationৰ অংশ ৷ ছাবষ্টিটিউট ট্ৰেন্ট আলেকজেণ্ডাৰ আৰ্ণল্ডৰ আন এজন ছাব কেলভিন ফিলিপ্ছলৈ পাছ ৷ ফিলিপ্‌ছৰ ৰাশ্বফ’ৰ্ডলৈ লং পাছ আৰু গ’ল ৷

প্ৰশিক্ষক ছাউথগেটৰ সফলতা ইয়াতো যে তেওঁ কঠোৰ সমালোচক ইংলিছ মিডিয়া আৰু সমৰ্থকৰ হেঁচাত নতি স্বীকাৰ কৰাৰ সলনি দূৰদৃষ্টিপূৰ্ণ কৌশল অৱলম্বন কৰি আহিছে ৷ কোৱাৰ্টাৰ ফাইনেলৰ সম্ভাব্য প্ৰতিদ্বন্দ্বী হ’ব পাৰে ফ্ৰান্স আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ কালি ৰাশ্বফ’ৰ্ড আৰু ফ’ডেনৰ দ্বাৰা মেচ আৰম্ভ কৰিছিল৷ কিয়নো দ্ৰুতবেগী উইংগাৰ আৰু ফুলবেকৰ শক্তিৰে বলীয়ান ফ্ৰান্সক ভেটিবলৈ ছাউথগেটক দুয়ো দিশে ৰাশ্বফ’ৰ্ড আৰু ফ’ডেনৰ দক্ষতাৰ প্ৰয়োজন হ’ব৷

পূৰ্বানুমান: ৰাউণ্ড অব্‌ ছিক্সটিনত ইংলেণ্ডৰ প্ৰতিদ্বন্দ্বী শাৰীৰিক প্ৰাধান্য বিস্তাৰ কৰি খেলা ছেনেগাল। কিন্তু বেলিংটন, ৰাশ্বফ’ৰ্ড আৰু ফ’ডেনৰ ছন্দ মিলিলে ছেনেগালে ইংলেণ্ডক বিশেষ দিগদাৰ কৰিব নোৱাৰিব বুলিয়েই মনে কয়৷

লগতে পঢ়ক – ৰঞ্জন গগৈৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ চাঞ্চল্যকৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply