যেতিয়া এল বেইট ষ্টেডিয়ামত কালি নিশা ৰেফাৰীয়ে খেল সমাপ্তিৰ হুইচেল বজাইছিল, মৰক্কোৰ প্ৰশিক্ষক ৱালিদ ৰিগ্ৰেগিৰ মনত চাগে আছিল এক অনুশোচনা। সমগ্ৰ বিশ্বকাপত মৰক্কোৰ ৰণনীতি আছিল-বিপক্ষক বল ল’বলৈ দিয়া, মিডফিল্ডৰ সহযোগত শৃংখলাবদ্ধভাৱে ৰক্ষণ কৰা আৰু সুযোগ পালেই প্ৰত্যাক্ৰমণ কৰা ৷ পিছে ছেমিফাইনেলত এই ৰণনীতিৰ চিকাৰ নিজেই হ’ল মৰক্কো ৷ সেই ৰণনীতি যে ফ্ৰান্সে অনুসৰণ কৰি তেওঁলোকক ৰোধ কৰিব সেয়া অনুমান কৰিব নোৱৰাটোৱে নিশ্চিতভাৱে ৰিগ্ৰেগিক দুখ দিব ৷ অৱশ্যে ফ্ৰান্সৰ প্ৰশিক্ষক ডিডিয়েৰ ডেশ্বম্পৰ এই মাষ্টাৰক্লাছত আপত্তি বোধকৰোঁ ৰিগ্ৰেগিয়েও নকৰিব ৷ বল দখল, পাছৰ সংখ্যা এইবোৰ পৰিসংখ্যাত মৰক্কোৱেই আগত আছিল ৷ কিন্তু আগৰ ছেমিফাইনেলখনত যিদৰে ক্ৰোৱেচিয়াৰ পৰিসংখ্যা উন্নত আছিল, কিন্তু ফলাফল আৰ্জেন্টিনাৰ পক্ষে আছিল, একেদৰে কালি নিশাও ফ্ৰান্সৰ জয়েৰেই দ্বিতীয় ছেমিফাইনেলৰ পৰিসমাপ্তি ঘটিছিল ৷ কাটাৰ বিশ্বকাপত যি দৃঢ়তা, মনোবল আৰু প্ৰতিভাৰে মৰক্কোৱে ছেমিফাইনেলত প্ৰৱেশ কৰিছিল সেয়া ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব ৷ কিন্তু ইতিহাসৰ পৃষ্ঠাত এয়াও লিখা থাকিব যে সম্পূৰ্ণ সময়োচিত আৰু পৰিস্থিতিসাপেক্ষ ৰণনীতিৰে ফ্ৰান্সে মৰক্কোৰ সেই স্বপ্নৰ যাত্ৰা ৰুদ্ধ কৰিলে ৷
সুদীৰ্ঘ ৫৯ বছৰৰ পাছত ফ্ৰান্সে উপৰ্যুপৰি বিশ্বকাপৰ খিতাপ জয় কৰি আন এক ইতিহাস ৰচাৰ সুযোগ পাইছে আৰু সঁচা ক’বলৈ গ’লে ফ্ৰান্সৰ পৰা এই কৃতিত্ব কোনেও কাঢ়িব নোৱাৰে ৷ মৰক্কোৰ ৰণকৌশলেৰেই দলটোক ভেটাৰ যি বুদ্ধিদীপ্ত পৰিকল্পনা ডেশ্বম্পে ৰূপায়ণ কৰিলে তাৰ বিশ্লেষণ কৰাৰ আগত এই কথা স্বীকাৰ কৰি লওঁ আহক যে প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নক বিব্ৰত কৰিবলৈ সক্ষম হৈছিল মৰক্কোৱেই ৷ ফ্ৰান্সৰ ৰক্ষণক বাৰে বাৰে পৰীক্ষা কৰিবলৈ সক্ষম হৈছিল মৰক্কোৱেই ৷
মেচখনত সামগ্ৰিকভাৱে আধিপত্য আছিল মৰক্কোৰে ৷ হয়তো ফিনিশ্বিঙত আৰু অলপ ধাৰ দেখুৱালে মেচৰ ফলাফল অন্য হ’লহেঁতেন ৷ কিন্তু প্ৰতিকূল পৰিস্থিতিৰ মাজতো জয় অনাটোৱেই চেম্পিয়নৰ কাম ৷ সেয়াই ডেশ্বম্পে কৰি দেখুৱালে ৷ মৰক্কোৱে ফ্ৰান্সৰ বাবে কঠিন কৰি ৰাখিছিল মেচত আধিপত্য বিস্তাৰৰ পথ ৷ ৰিগ্ৰেগিয়ে লৈছিল ৫-৪-১ ফৰ্মেচন ৷ লক্ষ্য স্পষ্ট- ফ্ৰান্সৰ বাবে মিডফিল্ড দখল আৰু অন্টোৱান গ্ৰীজমেনৰ চলাচল অসম্ভৱ কৰা। কিন্তু সময় বাগৰাৰ লগে লগে দলটোৱে ৰক্ষণত তিনিজন ৰাখি দুই ফুলবেক আশ্ৰফ হাকিমি আৰু নুছেই মাজ্ৰাৱিক আগলৈ দি দুই উইংগাৰ হাকিম জিয়েচ আৰু ছ’ফিয়ান বুফালক মুক্ত কৰিবলৈ ল’লে যাতে পথাৰৰ দুয়োকাষে অগ্ৰগামী দৌৰ লৈ ফ্ৰান্সৰ ৰক্ষণ ভাঙিব পাৰে ৷ ইয়াৰ উত্তৰত ৪-২-৩-১ ফৰ্মেচন লোৱা ফ্ৰান্সৰ একমাত্ৰ ষ্ট্ৰাইকাৰ অলিভিয়েৰ জিৰুৱে আগলৈ যোৱাৰ সলনি পিছুৱাই মৰক্কোৰ মিডফিল্ড জেনেৰেল ছ’ফিয়ান আম্ৰাবতক মাৰ্ক কৰিবলৈ ধৰে যাতে মৰক্কোৱে উইঙলৈ বল মুকলি কৰিব নোৱাৰে।
আনহাতে অতিশয় প্ৰতিভাৱান, দ্ৰুত পদশিল্পৰ অধিকাৰী মৰক্কোৰ মিডফিল্ডাৰ আজেদিন উনাহিয়ে কিছু পিছুৱাই খেলি নিজৰ ৰক্ষণক বিকল্প দিয়ে যদিও তেওঁক মাৰ্ক কৰিবলৈ ধৰে গ্ৰীজমেনে যাতে মৰক্কোৰ ফুলবেক দুজনে ইয়াৰ আকাংক্ষিত সুৰুঙা নাপায়। ইয়াৰ বিপৰীতে কিলিয়ান এমবাপ্পেক আগতে থৈ দিয়া হয় যাতে আক্ৰমণত মনোনিৱেশ কৰিব পাৰে ৷ ফলত মৰক্কো আগুৱাই যাব পৰা নাছিল আৰু দুই ফৰাচী পাইভট মিডফিল্ডাৰ ইউছুফ ফ’ফানা তথা অৰেলিয়া টুৱামেনি ৰক্ষণত মনোনিৱেশ কৰাত সফল হয়। উইংগাৰ জিয়েচে বল নাপাই ভিতৰলৈ আহে যদিও ফ’ফানাই তেওঁক পহৰা দি ৰাখে ৷ ডিফেণ্ডাৰ ৰোমা ছাইছে পথাৰ এৰাৰ পাছত মৰক্কো ৪-১-৪-১ ফৰ্মেচনলৈ আহে ৷
আম্ৰাবত আৰু উনাহিয়ে এইবাৰ জিৰু আৰু গ্ৰীজমেনক মাৰ্ক কৰিবলৈ ধৰে ৷ হাকিমি আৰু মাজ্ৰাৱি আকৌ দুয়ো দিশে আগবাঢ়িবলৈ ধৰে ৷ ছেলিম আমাল্লা আৰু বুফালে মিডফিল্ডতে নিজক আৱদ্ধ কৰে আৰু ফলত মৰক্কোৰ বাবেআগুৱাই যোৱাৰ অতিৰিক্ত বিকল্প ওলায়। জিয়েচ আগতে থকাত ফ’ফানাই মিডফিল্ডত আমাল্লাক হেঁচা দিবলৈ ইতস্ততঃ কৰে ৷ মৰক্কোৱে বাওঁদিশে এমবাপ্পেৰ ৰক্ষণাত্মক দুৰ্বলতাৰো সুযোগ ল’বলৈ চেষ্টা কৰা দেখা যায়। ফলত জিৰুক আঁতৰাই মাৰ্কাছ থুৰামক অনা হয় আৰু এমবাপ্পেক আক্ৰমণৰ মধ্যভাগলৈ অনা হয় ৷ এই ৰণকৌশলগত দৃঢ়তাৰ বাবে ফ্ৰান্সক মেচৰ বেছিভাগ সময় চাপত ৰাখে মৰক্কোৱে ৷ ইয়াৰ মোকাবিলা কৰিবলৈ চতুৰালি প্ৰয়োগ কৰে ডেশ্বম্পে । যাৰ উদ্দেশ্য নিৰ্দিষ্ট সময়ত মৰক্কোক পৰ্যুদস্ত কৰি দলক পুনৰ শৃংখলাবদ্ধ ফৰ্মেচনলৈ কৰা আৰু স্ক’ৰলাইন ৰক্ষা কৰা।
মূলতঃ গ্ৰীজমেনক স্বাচ্ছন্দ্যৰে নিজৰ কাম কৰিবলৈ দিয়াৰ লক্ষ্যৰে এই তাৎক্ষণিক ৰণনীতি লোৱা হয় । এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লয় মিডফিল্ডাৰ টুৱামেনিয়ে ৷ ৰক্ষণৰ বাবে ডাব্ল পাইভট ভূমিকাৰ সলনি তেওঁ মধ্যভাগত বিচৰণ কৰিবলৈ লয় আৰু গ্ৰীজমেনক আগুৱাই যোৱাৰ সুবিধা কৰি দিয়ে ৷ ইফালে সোঁদিশে ডেম্বেলেই আগুৱাই যোৱাৰ সলনি মাজ্ৰাৱিক নিজৰ দিশে টানিবলৈ লয় যাতে গ্ৰীজমেন আৰু মুক্ত হয় ৷ প্ৰথম গ’লটো গ্ৰীজমেনে হঠাতে পোৱা স্বাধীনতাৰ বাবেই হয় ৷ ডিফেণ্ডাৰ ৰাফেল ভাৰানে সোঁদিশে আগুৱাই দিয়া বল গ্ৰীজমেনে আয়ত্ত কৰি মৰক্কোৰ ৰক্ষণ ফালে আৰু শেষত এমবাপ্পেৰ দুটাকৈ শ্বট প্ৰতিহত হোৱাৰ পাছত ৰিবাউণ্ডত থিঅ’ হাৰ্ণাণ্ডেজে গ’লটো কৰে ৷
মৰক্কোৱে প্ৰায়ে তীব্ৰ প্ৰেছিঙেৰে আক্ৰমণ কৰি বল হেৰুৱালে লগে লগে চাৰিজন মিডফিল্ডাৰেৰে সঠিক গাঁথনি সজাই ফ্ৰান্সৰ অগ্ৰগামী দৌৰত বাধা দিছিল ৷ কিন্তু কেতিয়াবা এই ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হৈছিল আৰু তাৰে সুযোগতে ফ্ৰান্সে দ্বিতীয় গ’লটো কৰে ৷ থুৰামে পোৱা এটা পাছ বক্সৰ ভিতৰত এমবাপ্পেক দিয়ে আৰু তেওঁ ট্ৰিকেৰীৰে মৰক্কোৰ ৰক্ষণত হাহাঁকাৰ লগায় আৰু বল গৈ ক’ল’ মুৱানিৰ ভৰিত পৰে যি এটা সহজ টেপ ইনেৰে ক্ৰমাগত দ্বিতীয় বিশ্বকাপ ফাইনেল ফ্ৰান্সৰ বাবে নিশ্চিত কৰে ৷ এইটো নিশ্চিত যে মৰক্কোৰ হাতত কমেও দুটা নিশ্চিত গ’ল স্ক’ৰৰ সুযোগ আহিছিল ৷ কিন্তু ফ্ৰান্সৰ ৰক্ষণে তাক ৰোধ কৰে ৷ মৰক্কোৰ পৰা কোনেও ইয়াৰ কৃতিত্ব কাঢ়িব নোৱাৰে। কিন্তু ফ্ৰান্সৰ সফলতা এয়াই যে মেচত আধিপত্য বিস্তাৰ নকৰিও তেওঁলোকে এক দৃঢ় প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে বিজয় আনিবলৈ সক্ষম হৈছে ৷ ডেশ্বম্পে কৈছেই যে ফাইনেলত আৰ্জেণ্টিনা আৰু লিঅ’নেল মেছিক ভেটিবলৈ তেওঁলোকে মানৱীয়ভাৱে সম্ভৱ সকলোখিনি কৰিব ৷ ‘সেইদিনা নিশ্চিতভাৱে এটা দলৰ হাতত তৃতীয়টো বিশ্বকাপ আহিব’- এইদৰে কৈছে ডেশ্বম্পে ৷ ১৮ ডিচেম্বৰত সমগ্ৰ বিশ্বই দেখিব তৃতীয় বিশ্বকাপ কাৰ শিৰত জিলিকে ৷
লগতে পঢ়ক – ১৭ ডিচেম্বৰৰ পৰা সপ্তম আন্তর্জাতিক কৃষি উদ্যান শস্য মেলা