নিউজ ডেস্ক: আজিৰ পৰা কাটাৰত আৰম্ভ হ’ব ফিফা বিশ্ব কাপ ফুটবল প্রতিযোগিতা। ফুটবলৰ এই মহাৰণত এইবাৰ বিশ্বৰ বছা বছা ৩২টা দলে যুঁজ দিব। আজি ভাৰতীয় সময় মতে নিশা ৯.৩০ বজাত আয়োজক কাটাৰ আৰু ইকুৱেডৰৰ মাজত উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব আৰম্বড়পূর্ণভাৱে উদ্বোধনী অনুষ্ঠান। উদ্বোধনী অনুষ্ঠানত বিশ্বৰ কেইবাগৰাকী তাৰকাই অনুষ্ঠান পৰিৱেশন কৰাৰ সম্ভাৱনা আছে।
ভাৰতৰ অভিনেত্রী তথা মডেল নোবা ফাতেহিয়ে অনুষ্ঠান পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্যে যে উদ্বোধনী অনুষ্ঠান পূর্বতে ২১ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পাছত প্ৰতিযোগিতাখন এদিন আগুৱাই অনা হয় যাতে আয়োজক দেশখনে উদ্বোধনী মেচখনত খেলিব পাবে। উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব প্ৰায় ৬০ হাজাৰ আসন থকা আল বায়ত স্টেডিয়ামত। এই স্টেডিয়ামখন ৰাজধানী জোহাৰ পৰা ৪০ কিল’মিটাৰ নিলগত আছে।
উদ্বোধনী অনুষ্ঠানত দক্ষিণ কোৰিয়াৰ বেগু বি টি এছে অনুষ্ঠান পৰিৱেশন কৰিব বুলি ঘোষণা কৰিছে। নাইজেৰিয়াৰ সংগীতজ্ঞ আৰু গীতিকাৰ পেট্রিক নেমেক্কা ওকোৰী আৰু আমেৰিকাৰ ৰেপাৰ লিল বেবীয়েও অনুষ্ঠান পৰিৱেশন কৰিব বুলি প্ৰকাশ পাইছে।
আনহাতে, বিশ্বৰ কেইবাগৰাকী আগশাৰীৰ তাৰকাই কাটাৰ বিশ্ব কাপৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ ভিতৰত ভুৱা লিপাও আছে। ছাকিৰাক অতিথি শিল্পী হিচাপে নিমন্ত্রণ জনোৱা হৈছিল, কিন্তু তেওঁ সমালোচনাৰ সম্মুখীন হোৱাৰ পাছত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লয়। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে সন্মতি জনোৱাসকলৰ ভিতৰত জে বলভিন, ৰবি উইলিয়ামছ আৰু জেছন ডেকলোও আছে।
অহা ১৮ ডিচেম্বৰত ফিফা বিশ্বকাপৰ ফাইনেল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
লগতে পঢ়ক – বন্ধ হৈ থকা টিৰাপ, টিকক পশ্চিম কয়লা খনি মকুলিৰ আশ্বাস ক’ল কৰ্তৃপক্ষৰ