ফিফা বিশ্বকাপ ২০২২ আৰু এ এফ চি এছিয়ান কাপ ২০২৩ৰ বাবে ডোহাত অনুষ্ঠিত হ’বলগীয়া কোৱালিফায়িং  প্ৰতিযোগিতাৰ বাবে ভাৰতীয় ফুটবল দলত মণিপুৰৰ ৬ গৰাকী ফুটবলাৰে স্থান লাভ কৰিছে।

মণিপুৰ ফুটবল এছ’চিয়েশ্যনে এক বিবৃতি যোগে ২৮ জনীয়া ভাৰতীয় দলটোত ৰাজ্যখনৰ ৬ গৰাকী ফুটবলাৰে স্থান পোৱাৰ কথা প্ৰকাশ কৰিছে।

অহা ৩ জুনৰ পৰা উক্ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব।

লগতে পঢ়ক : ১১ দিনীয়া ৰক্তাক্ত সংঘৰ্ষৰ অৱসান; ইজাৰাইল-পেলেষ্টাইনৰ মাজত যুদ্ধবিৰতি স্থাপন

স্থান লাভ কৰা ৫ গৰাকী ফুটবলাৰ হৈছে ধিৰাজ সিং মৈৰাংথেম (গ’লকিপাৰ), চিংলেনচানা সিং কোনশ্বাম (ডিফেণ্ডাৰ), উড়ন্ত সিং কুমাম (মিডফিল্ডাৰ), সুৰেশ সিং ৱাংজাম (মিডফিল্ডাৰ), মহম্মদ য়াছিৰ (মিডফিল্ডাৰ) আৰু বিপিন সিং (মিডফিল্ডাৰ)।

অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ মতে যোৱা বুধবাৰে ২৮ জনীয়া ভাৰতীয় দলটোৱে ডোহালৈ উৰা মাৰে আৰু RT-PCR টেষ্টত নিগেটিভ ৰিজাল্ট নহালৈকে দেশখনত কুৱাৰেণ্টাইনত থাকিব।

ভাৰতে গ্ৰোপ ই ৫খন মেচত ৩ পইণ্ট অৰ্জণ কৰিছে, অহা ৩ জুনত তেওঁলোকে কাটাৰ, ৭ জুনত বাংলাদেশ আৰু ১৫ জুনত আফগানিষ্টানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply