“আমি হাৰ নামানোঁ ৷ আমি ডাঙৰ হৃদয়ৰ সৰু দেশ”- ক্ৰোৱেচিয়াৰ প্ৰশিক্ষক লাটকো ডেলিচৰ এই মন্তব্যই কালি যুঁজাৰু জাপানৰ বিৰুদ্ধে দৃঢ়মনা ক্ৰোৱেচিয়াৰ জয়ৰ পটভূমি তৈয়াৰ কৰে৷ স্পেইন আৰু জাপানক হৰুৱাই গ্ৰুপ জয় কৰা জাপানৰ বিৰুদ্ধে ক্ৰোৱেচিয়াই অনা জয় কেৱল অভিজ্ঞতাৰ জয় নহয়৷ এয়া হৈছে শেষ মুহূৰ্তলৈকে হাৰ নমনাৰ প্ৰতিদান, যিটো জাপানৰ ক্ষেত্ৰত মেচ শেষ হৈ অহালৈকে কমি যোৱা দেখা গৈছিল৷

মেচখন যে অতিৰিক্ত সময়ৰ পৰা টাইব্ৰেকাৰলৈ যাব সেয়া সময়ত বুজি উঠি ডেলিচে দলত কেইবাটাও ছাবষ্টিটিউচন কৰিছিল৷ সেয়া আছিল একপ্ৰকাৰ বাজী৷ কাৰণ পথাৰৰ পৰা তেওঁ উলিয়াই লৈ গৈছিল লুকা মড্ৰিচ আৰু মেটিঅ’ ক’ভেচিচক। দলৰ আটাইতকৈ অভিজ্ঞ আৰু তাৰকা খেলুৱৈ দুজনক। তাৰ সলনি নমাইছিল ফুটবল বিশ্বত অচিনাকি ল’ভ্ৰ মাহেৰ আৰু নিকোলা ভ্লাচিচক৷

এই বাজীয়ে যে কাম দিছিল সেয়াও ক’ব নোৱাৰি৷ কিয়নো অতিৰিক্ত সময়ত কৰা এই ছাবষ্টিটিউচনে গ’ল আনি নিদিলে ক্ৰোৱেচিয়াক ৷ কিন্তু আনি দিলে যুঁজাৰু জাপানৰ গতি আৰু মনোবল ভাঙি দিয়া দৃঢ়তা ৷ মড্ৰিচ আৰু ক’ভেচিচে নিজৰ বয়স অনুসৰি সৰ্বস্ব উজাৰি দিয়াৰ পাছত তেওঁলোকক লৈ আশা কৰাৰ সলনি নতুন খেলুৱৈ নমাই মেচখন জিকা নহ’লে পেনাল্টীলৈ নিয়াৰ ৰণকৌশল লৈছিল ডেলিচে৷

কিয়নো পেনাল্টী শ্বুটআউটত সদায়েই ক্ৰোৱেচিয়াই উন্নত প্ৰদৰ্শন কৰি আহিছে৷ বিগত বিশ্বকাপত ডেনমাৰ্ক আৰু ৰাছিয়াৰ বিৰুদ্ধে টাইব্ৰেকাৰত জয় আনিছিল ক্ৰোৱেচিয়াই। ইয়াৰ বিপৰীতে বিগত দুটা বছৰ ৰাউণ্ড অব্ ছিক্সটিনৰপৰাই বিদায় ল’ব লগা হৈছিল জাপানে ৷ ২০১৪ত পেনাল্টী শ্বুটআউটত বাহিৰ হৈছিল ব্লু ছামুৰাই। ২০১৮ত ২-০ৰ অগ্ৰগতি লৈও বেলজিয়ামৰ হাতত ২-৩ ব্যৱধানত হাৰিছিল জাপান ৷ গতিকে খেল পেনাল্টীলৈ যোৱা মানেই জাপানৰ মনোবলত চাপ পৰা ৷ এই কথা ডেলিচে জানিছিল ৷ সেইবাবেই মড্ৰিচৰ দৰে তাৰকাক উলিয়াই আনিছিল পথাৰৰ পৰা ৷

পৰাজয় মানেই এই সিদ্ধান্তৰ সকলো সমালোচনা মূৰ পাতি লোৱা৷ কিন্তু সেই ৰিস্ক লৈছিল ডেলিচে৷ মেচৰ আৰম্ভণি জাপানৰ হাই প্ৰেছিঙেৰেই হৈছিল৷ সেয়া স্বাভাৱিক আছিল৷ ৩-৪-৩ ফৰ্মেচনত খেলি জাপানে বুজাই দিছিল যে আক্ৰমণেই তেওঁলোকৰ শ্ৰেষ্ঠতম ৰক্ষণ। দুই উইঙৰ পৰা ডোৱান, কামাডা, ইটো আৰু নাগাটোমোৱে আক্ৰমণ কৰি ক্ৰোৱেচিয়াৰ মিডফিল্ডৰ শক্তি কাবু কৰিবলৈ চেষ্টা কৰিছিল৷

ক্ৰোৱেচিয়াই খেল নিয়ন্ত্ৰণ কৰি তাৰ গতি লেহেম কৰি আনিছিল যদিও জাপানে সুযোগ পালেই আঘাত হানিবলৈ এৰা নাছিল। উইঙৰ পৰা হোৱা অহৰহ আক্ৰমণৰ বাবেই জাপানে ৪৩ মিনিটত অগ্ৰগতি লৈছিল। সোঁদিশৰ পৰা ডোৱানৰ এটা ক্ৰছ বক্সৰ ভিতৰত য়’শ্বিডাই হেডেৰে লৈ বিপজ্জনক স্থানত পেলায় আৰু মেইডাই তাক গ’ললৈ ৰূপান্তৰ কৰে। কিন্তু অগ্ৰগতি লোৱাৰ পাছত দ্বিতীয়াৰ্ধত জাপানে আশ্চৰ্যজনকভাৱে ৰক্ষণাত্মক খেলা আৰম্ভ কৰে, ক্ৰোৱেচিয়াক বল দখলত ৰাখিবলৈ সুবিধা দিয়ে।

ফলত মিডফিল্ডত মড্ৰিচে মেচ নিয়ন্ত্ৰণৰ সুযোগ পাবলৈ ধৰে আৰু জাপানী ৰক্ষণত সুৰুঙা ওলাবলৈ ধৰে ৷ ৫৫ মিনিটত জাপানী ৰক্ষণে দিয়া ঠাইৰ সুবিধা লৈ লভ্ৰেনে দিয়া এটা সুন্দৰ ক্ৰছ পেৰিছিচে হেডিঙেৰে গ’ললৈ ৰূপান্তৰ কৰে ৷ তাৰ পাছৰে পৰা মেচখনত দুয়ো দলৰে সুযোগ ৫০-৫০ হ’বলৈ ধৰে৷

অতিৰিক্ত সময়ত ক্ৰোৱেচিয়াই বল দখলত ৰখাৰ বিপৰীতে জাপানে প্ৰত্যাক্ৰমণৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়৷ মিটোমাৰ এটা কোবাল শ্বট ক্ৰোৱেচিয়াৰ গ’লকীপাৰ ডমিনিক লিভাকোভিচে প্ৰতিহত কৰে ৷ সেই লিভাকোভিচেই পেনাল্টী শ্বুটআউটত জাপানৰ তিনিটা শ্বট প্ৰতিহত কৰি নায়কত পৰিণত হয়। কিন্তু যিধৰণে মিনামিনো, মিটোমা আৰু য়’শ্বিডাই নিজৰ শ্বটকেইটা ল’লে সেয়াই প্ৰমাণ কৰে যে জাপানে শ্বুটআউটৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰিছিল৷ হাই ভ’ল্টেজ বিশ্বকাপৰ মেচত মূৰকত জাপানে নিজৰ মানসিক চাপৰ বাবেই পৰাস্ত হ’ল ৷ আৰু ক্ৰোৱেচিয়াই নিজৰ মনোবল অটুট ৰখাৰ ফল পালে৷

পূৰ্বানুমান: কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল হ’ব ক্ৰোৱেচিয়াৰ প্ৰতিদ্বন্দ্বী ৷ নক’লেও হ’ব, কাটাৰত ছাম্বাৰ লহৰ তোলা ব্ৰাজিলৰ বিৰুদ্ধে ক্ৰোৱেচিয়াৰ জয় কাগজে-কলমে একপ্ৰকাৰ অসম্ভৱ ৷ প্ৰতিটো বিভাগত ব্ৰাজিলৰ প্ৰতিভাৰ গভীৰতাক প্ৰত্যাহ্বান জনাবলৈ ক্ৰোৱেচিয়াৰ হাতত নিজৰ দৃঢ় মনোবল অটুট ৰখাৰ বাদে আন উপায় নাই ৷ লভ্ৰেনৰ নেতৃত্বত ৰক্ষণ অধিক সতৰ্ক আৰু মড্ৰিচৰ নেতৃত্বত মিডফিল্ডে দমন নকৰিলে ২০২২ৰ বিশ্বকাপত ক্ৰোৱেচিয়াৰ সেয়াই হ’বগৈ অন্তিম মেচ৷

লগতে পঢ়ক – সোণাৰি থানাত সতীৰ্থক গুলীয়াই হত্যা আৰক্ষী কনিষ্টবলৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply