হালা হাকিমি! ৰিয়েল মাদ্ৰিদৰ সমৰ্থকৰ বাবে আশ্ৰফ হাকিমি আৰু তেওঁৰ প্ৰতিভা তেনেই চিনাকি৷ আন সময় হোৱাহেঁতেন হয়তো তেওঁলোকৰ মুখত ফুটিলহেতেঁন- হালা মাদ্ৰিদ!হালা হাকিমি! ৰিয়েলৰ যুৱ দল আৰু তাৰ পাছত ছিনিয়ৰ দলত আছিল হাকিমি৷ ১৪ বছৰীয়া পৰিক্ৰমা সেয়া৷
কিন্তু কালি যেতিয়া স্পেইনৰ বিৰুদ্ধে টাইব্ৰেকাৰত তেওঁ নিৰ্ণায়ক শ্বটটো ল’বলৈ আহিছিল, ৰিয়েল মাদ্ৰিদৰ সমৰ্থকসকলৰ মুখলৈ অহা নাছিল – হালা হাকিমি৷ কিয়নো সেই শ্বট গ’লত সোমোৱা মানেই স্পেইনৰ বিদায়। কিন্তু হাকিমি আছিল লক্ষ্যণীয়ভাৱে শীতল৷ কোনো চাপ যেন নাছিল৷ আনকি শ্বট লোৱাৰ সময়তো দৌৰা নাছিল, খোজহে কাঢ়িছিল৷ আৰু ৰিয়েল মাদ্ৰিদ, স্পেইনৰ ক্ষীণ আশাত চেঁচাপানী ঢালি হাকিমিয়ে শীতল মস্তিষ্কৰে বল ঠেলি দিছিল নেটলৈ৷ বিশ্বকাপত আন এখন নাটৰ যৱনিকা পৰিছিল৷ ভাঙি গৈছিল ফেভৰেট স্পেইনৰ সপোন৷
মৰক্কোৱে কেৱল ইতিহাসেই ৰচা নাছিল, আন্ত:ৰাষ্ট্ৰীয় ফুটবলত যে কাৰো একাধিপত্য এতিয়া নচলে সেয়া প্ৰমাণ কৰি দিছিল৷ আকৌ এবাৰ৷ অথচ মাত্ৰ কেইটামান দিন আগলৈকে স্পেইনক সকলোৱে ফাইনেলত দেখিছিল৷ পেড্ৰি, গেৱি, ফাটিৰ দৰে যুৱ তাৰকাৰে ভৰপূৰ আৰু পাছৰ অৰণ্যত বিপক্ষক দিশহাৰা কৰি দিয়া খেলৰ শৈলীৰে স্পেইনৰ পৰাজয় বিশ্বকাপৰ প্ৰথম মেচলৈ একপ্ৰকাৰ অসম্ভৱ যেন লাগিছি। কিন্তু জাপান আৰু জাৰ্মানীয়ে সংকেত দিছিল যে স্পেইনে নিজে পতা জালত নিজে বান্ধ খাব পাৰে৷ মৰক্কোৰ বিৰুদ্ধে সেয়াই হৈছিল৷
পাছৰ উপৰি পাছ খেলি খেল সজাব পাৰি, কিন্তু গ’ল নহ’লে সেই পাছৰ জালত নিজে বান্ধ খাই বিপদ মাতি অনাৰ সম্ভাৱনা থাকে৷ মৰক্কোৰ প্ৰশিক্ষক ৱালিদ ৰেগ্ৰাগুয়ে সেই কথা অনুমান কৰিয়ে দলৰ ফৰ্মেচন লৈছিল ৪-৩-৩৷ আক্ৰমণাত্মক কিন্তু শিথিল। হাকিমিৰ নেতৃত্বত সবল ৰক্ষণ আৰু ছোফিয়া আম্ৰাবতৰ নেতৃত্বত সতৰ্ক মিডফিল্ড৷ প্ৰয়োজনত মিডফিল্ডলৈ নামি আহি খেলিছিল জিয়েক আৰু বৌফালে৷ ফলত সময়ত ফৰ্মেচন হৈ পৰিছিল ৪-৫-১৷ চেন্ট্ৰেল মিডফিল্ড চম্ভালা আম্ৰাবতে স্পেইনৰ তিনি ফৰৱাৰ্ড অ’লম’, এছেনছিঅ’ আৰু টৰেছে বল ল’বলৈ যাতে ভিতৰলৈ আহিব নোৱাৰে তাৰ বাবে ৰক্ষণৰ সহযোগত প্ৰচুৰ প্ৰেছিং আৰু ইন্টাৰচেপচন কৰিছিল৷
এই উচ্চমানৰ শৃংখলাবদ্ধতাৰ বাবেই মিডফিল্ড আৰু আক্ৰমণ বিভাগৰ লাইনৰ মাজত মুক্তভাৱে বিচৰণ কৰিব পৰা নাছিল বুছকেট্ছ অথবা পেড্ৰিয়ে৷ ফলত স্পেইনৰ ৪-৩-৩ ফৰ্মেচনত আক্ৰমণ ঢেৰ চলিছিল৷ কিন্তু গঢ় হোৱা নাছিল গ’ল হোৱাৰ সঠিক ৰসায়ন৷ ডেভিদ ভিয়া আৰু ফাৰ্ণাণ্ডো টৰেছৰ অৱসৰৰপৰা স্পেইন দলত মৌলিক ষ্ট্ৰাইকাৰৰ অভাৱো ইয়াৰ কাৰণ৷ এছেনছিঅ’ৰে প্ৰশিক্ষক লুইছ এনৰিকে আৰম্ভ কৰাৰ লগতে পিছত আলভাৰো ম’ৰাটাক নমালেও মৰক্কোৰ পানী নসৰকা ৰক্ষণ ভঙাৰ সেই অনবদ্য চিকাৰী শৈলী তেওঁলোকৰ নাই৷
ফলত ১০১৯টা পাছ খেলি, ৭৭ শতাংশ বল দখল ৰাখি আৰু ১২০ মিনিট খেলিও স্পেইনে গ’ল কৰিব নোৱাৰিলে৷ আন বাদেই, ১০০০টা পেনাল্টী শ্বট অনুশীলন কৰাৰ পাছতো টাইব্ৰেকাৰত পেনাল্টীত ব্যৰ্থ হ’ল স্পেইন৷ ছাৰাবিয়া বা ছ’লেৰৰ দৰে যুৱ প্ৰতিভা বাদেই, দুৰন্ত ফৰ্মত থকা মৰক্কোৰ গ’লকীপাৰ ব’ন’ক মস্তিষ্ক শীতল ৰাখি পৰাস্ত কৰিব নোৱাৰিলে বহু যুঁজৰ ঘোঁৰা বুছকেট্ছেও৷ ইয়াৰ বিপৰীতে নিজৰ সীমাবদ্ধতাক শক্তিৰূপে লৈ শীতল মগজুৰে অধিক শক্তিশালী প্ৰতিদ্বন্দ্বীক কিদৰে পৰাস্ত কৰিব পাৰি সেয়া প্ৰমাণ কৰিলে মৰক্কোৱে৷ ১১৪ মিনিট খেলিও ভাগি নপৰা আম্ৰাবতে প্ৰতিবাৰ নিজক স্পেনিছ আক্ৰমণৰ আগত পেলাই দলক ৰক্ষা কৰি গ’ল৷ প্ৰত্যাক্ৰমণ ৰচনা কৰি গ’ল৷ ৰাইটবেক হাকিমিয়ে স্পেইনৰ প্ৰতিটো আক্ৰমণ নিজৰ ইন্টাৰচেপচন আৰু আগতীয়া অনুমানৰ দক্ষতাৰে পৰাস্ত কৰি গ’ল৷ এনেকুৱা নহয় যে স্পেইনে সুযোগ পোৱা নাছিল৷ সুযোগ মৰক্কোৱেও পাইছিল৷ কিন্তু নিৰ্ধাৰিত সময়ত গ’ল স্ক’ৰ কৰাত ব্যৰ্থ হ’লে টাইব্ৰেকাৰৰ বাবে মানসিকভাৱে প্ৰস্তুত আছিল কেৱল মৰক্কোহে৷ হয়তো স্পেইনৰ দৰে ফেভৰেট দলৰ দুৰ্ভাগ্য সেয়াই৷
পূৰ্বানুমান: কোৱাৰ্টাৰ ফাইনেলত পৰ্তুগাল হ’ব মৰক্কোৰ প্ৰতিদ্বন্দ্বী৷ ছুইজাৰলেণ্ডক ৬ গ’ল দি বীৰদৰ্পে কোৱাৰ্টাৰত প্ৰৱেশ কৰা পৰ্তুগালৰ বিৰুদ্ধে মৰক্কোৰ ৰক্ষণ হ’ব লাগিব আৰু অধিক সতৰ্ক৷ লগতে স্পেইনৰ বিৰুদ্ধে দেখুওৱা সজাগতা, শৃংখলা তথা মেচ অধ্যয়নৰ দক্ষতা আম্ৰাবতে নিজৰ মিডফিল্ডত অক্ষুণ্ণ ৰাখিব লাগিব৷ কঠিন হ’ব, কিন্তু ছেমিফাইনেল মৰক্কোৰ বাবে অসম্ভৱ নহ’ব৷
লগতে পঢ়ক – ধৰ্ষণৰ অভিযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক গ্ৰেপ্তাৰ