গুৱাহাটী : বক্সাৰ লাভলিনা বৰগোহাঁইলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহাৰ্য। টকিঅ’ অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰতিভাৱান বক্সাৰ লাভলীনা বৰগোহাঁইৰ পিতৃৰ হাতত লাভলীনাই এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ উপহাৰ স্বৰূপে ২ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে, টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰাৰ প্ৰস্তুতিৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া নীতিৰ অধীনত ৫ লাখ টকাৰ আৰ্থিক অনুদানো প্ৰদান কৰা হয় লাভলীনা বৰগোহাঁইক।
লগতে পঢ়ক : ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
উল্লেখযোগ্য যে টকিঅ’ অলিম্পিকত ভাগ ল’বৰ কাৰণে প্ৰস্তুতি চলাই থকা লাভলীনা বৰগোহাঁই ৰাজ্যৰ বাহিৰত থকাৰ বাবে তেখেতৰ পিতৃৰ হাতত এই ধনৰাশি প্ৰদান কৰা হয়। তদুপৰি, বক্সিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অন্যান্য প্ৰশিক্ষাৰ্থীৰ সৈতে মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপত মিলিত হয়।