বিহাৰ ক্ৰিকেট সন্থাৰ সভাপতিৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ । এগৰাকী যুৱতীয়ে আনিছে এই অভিযোগ । ঘটনাটো সংঘটিত হোৱা প্ৰায় এটা বছৰৰ পিছত আৰক্ষীৰ কাষ চাপিল যুৱতী গৰাকী । যুৱতী গৰাকী হ’ল এটা বিজ্ঞাপন কোম্পানীৰ ডাইৰেক্টৰ ।
বিগত বৰ্ষৰ জুলাই মাহত দিল্লীত বিজ্ঞাপন সন্দৰ্ভত যুৱতীগৰাকীয়ে লগ কৰিছিল বিহাৰ ক্ৰিকেট সন্থাৰ সভাপতি ৰাকেশ তিৱাৰীক। সেই সময়তে তিৱাৰীয়ে তেওঁক যৌন নিৰ্যাতন তথা ধৰ্ষণ কৰাৰ চেষ্টা কৰে বুলি অভিযোগ আনিছে যুৱতী গৰাকীয়ে ।
অভিযোগ পত্ৰত যুৱতী গৰাকীয়ে উল্লেখ কৰা মতে ,বিগত বৰ্ষৰ মাৰ্চত এখন ক্ৰিকেট টুৰ্ণামেণ্টৰ বিজ্ঞাপন সম্পৰ্কত তিৱাৰীৰ সৈতে যোগাযোগ কৰিছিল যুৱতী গৰাকীয়ে । তাৰ পাছতেই যুৱতীগৰাকীক যোৱা বৰ্ষৰ ১২ জুলাইত দিল্লীৰ এখন পঞ্চতাৰকা হোটেললৈ মাতি পঠিয়াই তিৱাৰীয়ে । তাতেই তেওঁক যৌন নিৰ্যাতনৰ চেষ্টা কৰে তিৱাৰীয়ে ।
যুৱতীগৰাকীৰ অভিযোগৰ পাছতেই তদন্তত নামি পৰে বিহাৰ আৰক্ষী । উল্লেখনীয় যে এতিয়ালৈকে তিৱাৰীয়ে এই সম্পৰ্কত কোনো মুখ খোলা নাই যদিও ক্ৰিকেট প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগ কৰিছে তেওঁ ।
এই সন্দৰ্ভত পাৰ্লিয়ামেন্ট ষ্ট্ৰীট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। হাই প্ৰফাইল ব্যক্তিৰ বিৰুদ্ধে প্ৰায় এবছৰৰ পিছত অনা এই অভিযোগ সংবেদনশীলভাবে বিচাৰ আৰম্ভ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে যুৱতীগৰাকীয়ে অভিযোগ দাখিল কৰাত কিয় ইমান পলম কৰিলে সেই সম্পৰ্কেও তদন্ত আৰম্ভ কৰিছে।