অসমৰ প্রথম গৰাকী আন্তঃৰাষ্ট্রীয় টেবুল টেনিছ তাৰকা, ক্রীড়া সংগঠক, শিক্ষাবিদ, দিছপুৰ কলেজৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষা নন্দিনী বৰুৱা শর্মাৰ (৬২)দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্রাপ্তি ঘটে৷ দিছপুৰ কলেজত ইংৰাজী বিষয়ত অধ্যাপিকা হিচাপে যোগদান কৰি উপাধ্যক্ষ হিচাপে তাৰ পৰা অৱসৰ লৈছিল ৷
টেবুল টেনিছত অসমৰ প্রথমগৰাকী আন্তঃৰাষ্ট্রীয় খেলুৱৈ নন্দিনী বৰুৱাই ১৯৭০ চনৰ পৰাই নিজৰ পাৰদর্শিতা দেখুৱায় ৰাজ্যিক প্রতিযোগিতাত চেম্পিয়ন হৈছিল। ১৯৭৪ চনত ৰাষ্ট্রীয় প্রতিযোগিতাত পদ্মাৱতী ট্রফী জয় কৰা অসম দলৰ মুখ্য ভূমিকা পালন কৰিছিল৷

ইয়াৰ পিছতেই তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি জাপানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত অংশগ্রহণ কৰি প্রথম অসমীয়া মহিলা আন্তঃৰাষ্ট্রীয় খেলুৱৈ হিচাপে গৌৰৱৰ অধিকাৰী হয়৷ ৭০ দশকত অসমৰ মহিলা টেবুল টেনিছত ৰাষ্ট্রীয় পর্যায়ত কৃতিত্ব অর্জন কৰা দলৰ অন্যতম আকর্ষণ আছিল নন্দিনী বৰুৱা৷

তেওঁ ২০০৮ চনৰ পৰা অসম টেবুল টেনিছ সন্থাৰ উপ-সভাপতি হিচাপে বর্তমানলৈকে ক্রীড়াৰ উন্নয়ন কল্পে বৰঙনি আগবঢ়াই আহিছিল৷ সমান্তৰালভাৱে তেওঁ টেবুল টেনিছ ফেডাৰেশ্যন অব ইণ্ডিয়াৰ দুটা কার্যকাল উপ-সভাপতিৰ দায়িত্বতো আছিল৷

লগতে পঢ়ক- আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply