লাভলীনা বৰগোঁহাই

প্ৰথম অসমীয়া মহিলা হিচাবে অলিম্পিকলৈ যাবলৈ সাজু হৈছে বক্সাৰ লাভলীনা বৰগোঁহাই । আগন্তুক টকিঅ’ অলিম্পিকত পদক লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছে অসমৰ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই। বিশ্ব ক্ৰমৰ তিনি নং স্থানৰ মহিলা বক্সাৰ লাভলীনাই শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান এমেচাৰ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে।

ইতিমধ্যে ৬৯ কেজি শাখাত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হোৱা লাভলীনাই নিজকে প্ৰতিযোগিতাখনৰ বাবে সাজু কৰি তুলিছে। সদ্যসমাপ্ত এছিয়ান বক্সিং প্ৰতিযোগিতাত যেন তাৰেই প্ৰমান দাঙি ধৰিলে অসমৰ লাভলীনাই।

গোলাঘাটৰ বাৰমুখীয়া গাঁৱৰ পৰা অলিম্পিকৰ মঞ্চলৈ বাট মুকলি কৰা লাভলীনা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা, যিয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই ২০১৮ চনত নতুন দিল্লীত আৰু ২০১৯ চনত ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকৰ উপৰিও ২০১৭ চনৰ এছিয়ান এমেচাৰ বক্সিং প্ৰতিযোগিতাত আৰু শেহতীয়াকৈ ডুবাইত ২৪ মেৰ পৰা ৩১ মেলৈ অনুষ্ঠিত হোৱা ৩১ সংখ্যক এছিয়ান এমেচাৰ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

টকিঅ’ অলিম্পিক আগন্তুক ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে অনুষ্ঠিত হ’ব। মাজত আছে মাত্ৰ ৪৫ দিন। বিশ্ব বক্সিং প্ৰতিযোগিতা, এছিয়ান বক্সিং প্ৰতিযোগিতা সকলোতে সফল হৈছে লাভলীনা। অলিম্পিক পদক জয়কেই চূড়ান্ত লক্ষ্য হিচাপে লোৱা লাভলীনাই অলিম্পিকত পদক লাভৰ বাবে কৰি গৈছে কঠোৰ অনুশীলন। ৬৯ কেজি ওজন শাখাত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনাই অনুশীলনৰ বাবে বহু সময়ত নিজৰ ওজনৰ বক্সাৰ বিচাৰি নাপায়।

যাৰ বাবে পুৰুষ বক্সাৰৰ সৈতেও অনুশীলনত লিপ্ত হৈছে লাভলীনা। উল্লেখ্য যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা অসমৰ চতুৰ্থ গৰাকী খেলুৱৈ । ইয়াৰ পূৰ্বে শ্বাটলাৰ দীপাংকৰ ভট্টাচাৰ্য, আৰ্চাৰ জয়ন্ত তালুকদাৰ বক্সাৰ শিৱ থাপাই অলিম্পিকত দেশক প্ৰতিনিধিত কৰিছিল।

অৱশ্যে ইয়াৰ কোনো এজনেই অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিহাস সৃষ্টি কৰি অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনাই প্ৰতিযোগিতাখনত পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে ৰাজ্যৰ প্ৰথমগৰাকী অলিম্পিক পদক প্ৰাপ্ত খেলুৱৈ হিচাপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক ১৫ ৰ পৰা ২০ জুলাইৰ ভিতৰতে হ’ব মেট্ৰিক আৰু HSৰ পৰীক্ষা – ঘোষণা মুখ্যমন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply