বিশ্বৰ সৰ্বোচ ক্ৰীড়া সমাৰোহ টকিঅ’ অলিম্পিক আৰম্ভ হ’বলৈ মাজত মাত্ৰ ছটা দিন । বিভিন্ন দেশৰ খেলুৱৈসকল ক্ৰমান্বয়ে আহিবলৈ লৈছে টকিঅ’ লৈ । ভাৰতীয় দলৰো দুই এক সদস্য উপস্থিত হৈছেগৈ অলিম্পিক ভিলেজত । এনে সময়তে ক’ভিডক লৈ শংকিত হৈ পৰিছে আয়োজক জাপান ।
দেশখনৰ ফালৰ পৰা খেলুৱৈসকলক সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰোৱা হৈছে যদিও প্ৰথমটো ক’ভিড আক্ৰান্ত ধৰা পৰিছে অলিম্পিক ভিলেজত । শণিবাৰে টকিঅ’ অলিম্পিক আয়োজক কমিটিৰ মুখপাত্ৰ মাছা টাস্কায়াই প্ৰকাশ কৰা মতে এগৰাকী খেলুৱৈৰ দেহত ক’ভিড পোৱা কথা প্ৰকাশ কৰিছে । স্কিনিং টেষ্টৰ সময়তে ধৰা পৰাৰ কথা উল্লেখ কৰিছে যদিও কোন দেশৰ খেলুৱৈ সেই কথা উল্লেখ কৰা নাই ।
আনহাতে শুকুৰবাৰে নাইজেৰিয়াৰ অলিম্পিক টীমৰ এজন সদস্যৰ দেহত নাৰিটা এয়াৰপ’ৰ্টত টেষ্ট কৰাৰ সময়ত ক’ভিডৰ উপস্থিতি ধৰা পৰিছিল । ৬০ বছৰীয়া লোক গৰাকীক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । টকিঅ’ চহৰত ক’ভিডৰ বাবে জৰুৰী কালীন অবস্থা ইতিমধ্যে ঘোষণা কৰা হৈছে ।
অলিম্পিক আৰু তাৰ পিছতে পেৰাঅলিম্পিকৰ বাবে প্ৰায় ১৫,৪০০ এথলীট,আৰু দহ হাজাৰ অফিচিয়েলছ , সংবাদমাধ্যম আদিৰ লোকে বাহৰ পাতিবহি চহৰখনত এনে অবস্থাত চহৰখনক কেনেদৰে সুৰক্ষিত কৰি ৰাখে সেইয়াহে চিন্তা কৰিছে দেশখনে । টকিঅ’ অলিম্পিকৰ বাবে ব্যয় হ’ব ১৫.৪ বিলিয়ন ডলাৰ ।
লগতে পঢ়ক অলিম্পিকৰ বাবে পূৰ্ণ প্ৰস্তুতিত ব্যস্ত মণিপুৰৰ জুডোকা সুশীলা দেৱী