অহা ২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যন (AIFF)-ৰ নিৰ্বাচনত সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামিব দেশৰ ফুটবল লিজেণ্ড তথা ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটিয়া।

৪৫ বছৰীয়া প্ৰাক্তন ফুটবল তাৰকা গৰাকীয়ে ইতিমধ্যে নিজৰ মনোনয়ন দাখিল কৰিছে। AIFF-ৰ সভাপতি পদৰ বাবে অন্ধ্ৰ ফুটবল এছ’চিয়েশ্যনে (AFA) তেওঁৰ নাম প্ৰস্তাৱ কৰিছে আৰু ৰাজস্থান ফুটবল এছ’চিয়েশ্যনে উক্ত প্ৰস্তাৱক সমৰ্থন জনাইছে।

মনোনয়ন দাখিল কৰি ভুটিয়াই তেওঁৰ প্ৰতি সমৰ্থন বিচাৰি লিখা এক ৰাজহুৱা আহ্বানত তেওঁ উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰা বুলি উল্লেখ কৰি সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সভাপতি নিৰ্বাচিত হ’লে তেওঁ ৰাজ্যিক ভিত্তিৰ এক পৃথক উত্তৰ-পূব লীগ গঠন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

ভাৰতত ফুটবলৰ গৰিমা পুনৰ ঘূৰাই অনাৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্তৰলৈ ইয়াক লৈ যোৱাৰ এইয়া এক ডাঙৰ সুযোগ কয়।

AIFF-ৰ সভাপতি নিৰ্বাচিত হ’লে তেওঁ ৰাজ্যবোৰৰ বাবে তলত উল্লেখ কৰা দিশসমূহত কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে –  

তৃণমূল পৰ্যায়ৰ লীগ আৰু ৰাজ্যিক লীগ পৰিচালনাৰ উদ্দেশ্যে প্ৰতিখন ৰাজ্যক 30ৰ পৰা ৫০ লাখ টকাৰ বাৰ্ষিক বিত্তীয় সমৰ্থন

প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈসকলক সমৰ্থন কৰা আৰু একাধিক স্থানীয় যোগ্য প্ৰশিক্ষক প্ৰস্তুত কৰা

ৰাজ্যিক ভিত্তিক এক পৃথক উত্তৰ-পূব লীগ পৰিচালনা কৰা

ফেডাৰেচন কমিটিত ৰাজ্যিক ফুটবল এছ’চিয়েশ্যনসমূহৰ পৰা অধিক সংখ্যক যোগ্য সদস্যক অন্তৰ্ভুক্ত কৰা

ফুটবল সম্পৰ্কীয় সকলো বিষয়ত ৰাজ্যিক সংস্থাসমূহক কাৰিকৰী দিশত সহায় কৰা

তেওঁক সমৰ্থন কৰিবলৈ আহ্বান জনাই ভুটিয়াই ‘বাহিৰৰ কাৰক’ সমূহৰ দ্বাৰা প্ৰভাৱিত নহ’বলৈ উত্তৰ-পূবৰ সকলো ৰাজ্যৰ ফুটবল সংস্থাসমূহক আহ্বান জনায়।

লগতে পঢ়ক – অসম বাতিল বিধেয়ক,২০২২ দাখিলৰ জৰিয়তে বাতিল হ’ব ২৭ খন অচল আইন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply