গুৱাহাটীঃ অসম অলিম্পিক সন্থা, অসম ফুটবল সন্থা, গুৱাহাটী ক্ৰীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাবৰ যৌথ উদ্যোগত ১১ মাৰ্চ শুকুৰবাৰে গুৱাহাটী নেহৰু ষ্টেডিয়ামত এখন প্ৰীতি ফুটবল মেচ অনুষ্ঠিত হ’ব l
অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰী কৰে অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে l তেওঁ লগতে নেহৰু ষ্টেডিয়ামৰ খেলপথাৰখন অসম ক্ৰিকেট সন্থাই স্বেচ্ছাই উন্নীত কৰি দিয়াৰ বাবে বিশেষভাৱে অসম ক্ৰিকেট সন্থাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে l
উল্লেখ্য যে, গুৱাহাটী মহানগৰীত এখনো ফুটবলৰ বাবে খেলপথাৰ নথকাৰ বাবে অনুশীলৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল খেলুৱৈসকল। যাৰ বাবে প্ৰতিবাদ কৰিছিল খেলুৱৈসকলে।
কভিডসৃ্ষ্ট পৰিবেশৰ বাবে প্ৰায় দুটা বছৰ নেহৰু ষ্টেডিয়ামৰ খেলপথাৰখন বন্ধ কৰি ৰখাৰ সময়তে অসম ক্ৰিকেট সন্থাই খেলপথাৰখনৰ শোচনীয় অৱস্থাৰ পৰা আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰূপে তৈয়াৰ কৰি দিয়াৰ পাছত ফুটবলৰ পৰিবেশ পুনৰ ঘূৰাই অনাৰ স্বাৰ্থত অসম ফুটবল সন্থাই প্ৰদৰ্শনীমূলক ফুটবল খেলখন অসম অলিম্পিক সন্থা, গুৱাহাটী ক্ৰীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাবৰ যৌথ উদ্যোগত অআয়োজন কৰিছে l
সংবাদমেলত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামী, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈ, গুৱাহাটী টাউন ক্লাবৰ ফুটবল সম্পাদক অাখটাৰ উদ্দিন আহমেদ (জুৱেল) আৰু অসম ফুটবল সন্থাৰ অতুল বড়া দীপক দে আদি l