গুৱাহাটী : মহানগৰীৰ পাথৰকুৱাৰীস্থিত নাৰেংগী ক্ৰীড়া সন্থাৰ খেল পথাৰত দেওবাৰৰ পৰা আৰম্ভ কৰা হৈছে এমাহজোৰা ফুটবল প্ৰশিক্ষণ শিবিৰ।

এই উপলক্ষে আজি অনুষ্ঠিত হোৱা মুকলি অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট ক্ৰীড়া সংগঠক যোগেন কলিতাই অনুষ্ঠানিকভাৱে প্ৰশিক্ষণ শিবিৰটোৰ মুকলি কৰে।

গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ পৰা অহা অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে এই প্ৰশিক্ষণ শিবিৰত। অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক তথা সুদক্ষ ফুটবলাৰ মিত্ৰদেৱ স্বৰ্গীয়াৰীয়ে শিবিৰটোত প্ৰশিক্ষণ দিয়ে।

লগতে পঢ়ক :  আলফাৰ মহিলা সদস্য মিতু অসম অসম আৰক্ষীৰ জিম্মাত

এই শিবিৰটোৰ পৰা ৰাজ্যিক দললৈ অন্তত এজন ভাল খেলুৱৈ নিৰ্বাচিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply