বৰপেটা : অসম ৰঞ্জী ট্ৰফীৰ ২৭ জনীয়া খেলুৱৈৰ তালিকাত বৰপেটাৰ ৪ গৰাকী খেলুৱৈ। ৰঞ্জী ট্ৰফীৰ বাবে অসমৰ ২৭ জনীয়া খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে বৰপেটাৰ ৪ গৰাকী ক্ৰিকেটাৰে। আগন্তুক ৰঞ্জী ট্ৰফীৰ বাবে গঠন হ’ব লগীয়া অসমৰ চূড়ান্ত দলটোৰ বাবে ২৭ জন খেলুৱৈক আমন্ত্ৰণ জনোৱা হৈছে। এই ২৭ জনীয়া তালিকাত বৰপেটাৰ ৪ গৰাকী ক্ৰিকেটাৰ অন্তৰ্ভুক্ত হৈছে।
অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া স্বাক্ষৰিত ২৭ জনীয়া তালিকাত স্থান প্ৰাপ্ত বৰপেটাৰ ৪ গৰাকী ক্ৰিকেটাৰ হৈছে অৰূপ দাস, ডেনিছ দাস, অম্লান জ্যোতি দাস আৰু হৃদীপ ডেকা। উল্লেখযোগ্য যে বিগত ২২ ডিচেম্বৰৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ৩৫ জনীয়া শিৱিৰৰ পৰা ২৭ জন খেলুৱৈৰ নাম অসম ক্ৰিকেট সন্থাই প্ৰকাশ কৰিছে। ৩৫ জনীয়া তালিকাত স্থান প্ৰাপ্ত পেচ বলাৰ কৃষ্ণ দাসক ২৭ জনীয়া তালিকাৰ পৰা বাদ দিয়া হৈছে।
লগতে পঢ়ক : অসম গেছ কোম্পানীৰ বহু কেইটা পদত নিযুক্তি সৃষ্টি
অসম ক্ৰিকেট সন্থাই প্ৰকাশ কৰা ২৭ জনীয়া তালিকাত আছে মৃন্ময় দত্ত, অৰূপ দাস, ৰোছন আলম, সিদ্ধাৰ্থ শৰ্মা, আৱিৰ চক্ৰৱৰ্তী, ৰাহুল সিং, শিৱশংকৰ ৰয়, জিতুমণি কলিতা, পল্লৱ কুমাৰ দাস, ৰাহুল হাজৰিকা, শুভম মণ্ডল, প্ৰীতম দাস, ৰঞ্জিত মালী, আকাশ সেনগুপ্তা, মুখটাৰ হুছেইন, হৃদীপ ডেকা, অম্লানজ্যোতি দাস, ডেনিছ দাস, স্বৰূপম পুৰকায়াস্থ, গকুল শৰ্মা, ৰিয়ান পৰাগ, কুনাল শইকীয়া, ছাহিল জৈন, বিশাল ৰয়, নাছিৰ উল্লাহ, হৃষীকেশ তামুলী আৰু ঋষভ দাস। এই খেলুৱৈ সকলে অহা ১৩ জানুৱাৰীৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বাছনি শিৱিৰত যোগদান কৰিব।