গুৱাহাটী – ফুটবলৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যত আৰু এখোজ দি গুৱাহাটী চিটী এফচি চমুকৈ জিচিএফচিয়ে ইয়াৰ ফুটছাল দল গঠন কৰিবলৈ আগবাঢ়িছে৷ অসমত হ’ব লগা ৰাজ্যিক ফুটছাল লীগ আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ৰাষ্ট্ৰীয় ফুটছাল চেম্পিয়নশ্বিপৰ বাবে শীঘ্ৰে দল গঠন কৰিব জিচিএফচিয়ে৷
ইতিমধ্যে ইংলিছ এফ এৰ লেভেল ১ ফুটছাল প্ৰশিক্ষক তথা ক্ৰোৱেচিয়াৰ বিখ্যাত ডাইনামো জাগ্ৰেবৰ প্ৰাক্তন ফুটছাল খেলুৱৈ সায়ন্তন চৌধুৰীক জিচিএফচিৰ ফুটছাল দল তথা প্ৰকল্পৰ মুখ্য প্ৰশিক্ষকৰূপে নিযুক্তি দিয়া হৈছে৷ ফুটছাল দল গঠনৰ বাবে প্ৰথম ট্ৰায়েল অহা ২৭ মাৰ্চত বেহাৰবাৰীত থকা ‘গেম অন এৰেনা’ত অনুষ্ঠিত হ’ব৷
আগ্ৰহী খেলুৱৈসকলক অধিক তথ্যৰ বাবে ৭০০২২৮২৭৪৫ অথবা ৭০০২৫৭০৮৭০ নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে৷ ট্ৰায়েলৰ বাবে ৰিপ’ৰ্টিঙৰ সময় বিয়লি ৪ বজা৷ নৈশালোকত আৰু জিচিএফচিৰ যুৱ দলৰ মুখ্য প্ৰশিক্ষক বিতোপন সোণোৱালৰ তত্বাৱধানত হ’ব লগা এই ট্ৰায়েল কেৱল গুৱাহাটীৰ খেলুৱৈৰ বাবে সীমাবদ্ধ থাকিব৷ খেলুৱৈসকলে টাৰ্ফ-ফুটছাল জোতা পিন্ধিব লাগিব আৰু ফুটবল বুট পিন্ধাৰ অনুমতি দিয়া নহ’ব৷
‘গুৱাহাটী ফুটছাল ফেষ্টিভেল’ৰ দুটা ছিজন অনুষ্ঠিত কৰাৰ পিছত জিচিএফচিয়ে ফুটছালৰ বিকাশৰ বাবে ‘প্ৰোইণ্ডিয়া’ৰ সহযোগত তথা এফচি বাৰ্চিলোনাৰ ফুটছাল প্ৰশিক্ষক মিগুৱেল আণ্ড্ৰেছৰ কাৰিকৰী নিৰ্দেশনাত শীঘ্ৰে তৃণমূল প্ৰকল্পও আৰম্ভ কৰিব ৷