নিউজ ডেস্কঃ বৃহস্পতিবাৰে বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থাৰ কংগ্ৰেছত বিনা প্ৰতিদ্বন্দিতাৰে তৃতীয়বাৰৰ বাবে গিয়ান্নি ইনফান্তিনো ফিফাৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হয়।

ফিফাৰ কংগ্ৰেছত ২১১ খন প্ৰতিনিধি দেশৰ সদস্যৰ উপস্থিতিত পুনৰবাৰ ইনফান্তিনো ২০২৭ চনলৈকে সভাপতি হিচাপে নিৰ্বাচিত হয়।

২০১৫ চনত ছেপ ব্লাটাৰ ফিফাৰ দুৰ্নীতিৰ অভিযোগত অপসাৰিত হোৱাত ইনফেন্টিনো প্ৰথমবাৰৰ বাবে ২০১৬ চনত সভাপতি হিচাপে নিৰ্বাচিত হয়। তাৰ পিচত পুনৰ দ্বিতীয়বাৰৰ বাবে ২০১৯ চনত নিৰ্বাচিত হয়। ফিফাৰ সভাপতি হোৱাৰ পূৰ্বে গিয়ান্নি ইনফান্তিনো উৱেফাৰ সচিবপ্রধান আছিল।

ছুইছ আইনজীৱী ইনফান্তিনো ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপেও নিৰ্বাচিত হয়।  

উল্লেখযোগ্য যে, তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা ইনফান্তিনো ইটালী আৰু ছুইজাৰলেণ্ডৰ দ্বৈত নাগৰিকত্বধাৰী।

লগতে পঢ়ক – আদালতে দোষমুক্ত কৰিলে বৰ্ষাশ্রী বুঢ়াগোহাঁইক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply