অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটচমেন গ্লেন মেক্সৱেল হ’ল ভাৰতৰ জোঁৱাই । আই পি এলৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ জনপ্ৰিয় ক্ৰিকেটাৰ গৰাকী । তামিল মূলৰ সুন্দৰী বিনি ৰমন পানি গ্ৰহন কৰিলে মেক্সৱেলে ।
বিনি আৰু মেক্সৱেলৰ বিবাহৰ ফটো এতিয়া ছচিয়েল মিডিয়াত খুবেই চৰ্চিত । ইষ্টাগ্ৰামত দুয়োগৰাকী নৱ দম্পতীয়ে বিয়াৰ বিশেষ মুহুৰ্তৰ ফটো শ্বেয়াৰ কৰিছে ।
২০১৩ চনত বিনি আৰু মেক্সৱেলে প্ৰথমবাৰ সাক্ষাৎ হৈছিল। ২০২০ চনতেই প্ৰেমৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল গ্লেন মেক্সৱেলে । বৰ্তমান মেলবৰ্ণৰ বাসিন্দা বিনি ৰমন এগৰাকী ফাৰ্মাচিষ্ট । ভিক্টৰিয়া কলেজত অধ্যয়ন কৰিছিল বিনি ৰমনে ।
২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল । তাৰ প্ৰাকমুহুৰ্তত মেক্সৱেলে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে । ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলৰ হৈ এইবাৰ খেলিব মেক্সৱেলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply