গুৱাহাটীঃ অভিৰুচী ক্ৰীড়া দিৱসৰ দিনাই কমনৱেল্থ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ অসম চৰকাৰৰ উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে৷ ডিএছপি পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে নয়নমণিলৈ আগবঢ়ালে ৫০ লাখ টকা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত ৮ গৰাকী খেলুৱৈক ক্ৰীড়া পেঞ্চন প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ৮ গৰাকী খেলুৱৈ ক্ৰমে অমৃত কান্তা সিংহ, নতুন সিনহা, ৰঞ্জিত ৰাজকুমাৰ, মৌচুমী ভূঞা, শ্যামলিনি দেৱী, ৰজনী দেউৰী, মনিকংকনা দত্ত বৰুৱা আৰু পল্লৱী দত্ত বৰুৱাক চৰকাৰে প্ৰদান কৰিলে পেন্সন। ৪ গৰাকী সৰ্বশ্ৰেষ্ঠ এনচিচি কেডেটক বীৰ চিলাৰায় বঁটা প্ৰদান কৰে।

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ইয়াৰ পূৰ্বে আমি স্বাধীনতা দিৱসৰ দিনা ক্ৰীড়া পেন্সন সমূহ প্ৰদান কৰিছিলো। কিন্তু এইবাৰৰ পৰা ক্ৰীড়া পেন্সন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত, সাহিত্যিক পেন্সন হোমেন বৰগোহাঞিৰ পূণ্যতিথিত আৰু শিল্পী পেন্সন শিল্পী দিৱসৰ দিনা আগবঢ়াম। অসমৰ পৰা যিসকলে অলিম্পিক গেমছ, এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ, নেচনেল গেমছত যিসকলে পদক লাভ কৰে আমি তেওঁলোকক ক্ৰীড়া পেন্সন প্ৰদান কৰিম। খেলুৱৈ সকলে প্ৰতিমাহত যদি ১০হাজাৰ টকাকৈ চৰকাৰৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰে, ই আৰ্থিক ভাৱে খেলুৱৈ জনক যথেষ্ঠখিনি সহায় কৰিব। ‘

লগতে কয়, ‘যিসকল খেলুৱৈ চৰকাৰী চাকৰি পাব নোৱাৰিলে কিন্তু নেচনেল গেমছ খেলিছে ,ৱৰ্ল্ড চেম্পিয়ন খেলিছে তেওঁলোকক আমি ক্ৰীড়া পেন্সন প্ৰদান কৰো। কিছুমানে বিভিন্ন কাৰণত চাকৰি পোৱাৰ পিছতো চাকৰি কৰিবও নিবিচাৰে। গতিকে তেখেত সকলকো আমি ক্ৰীড়া পেন্সন প্ৰদান কৰো।’

মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ কথাও উল্লেখ কৰে। নাৰেংগী, যোৰহাটত একোখনকৈ স্পৰ্টছ কমপ্লেক্স নিৰ্মাণ কৰা হ’ব বুলি তেওঁ অৱগত কৰে। অক্টোবৰ মাহৰ পৰা ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হ’ব। প্ৰতিটো বিধান সভা সমষ্টিতে ভাল ষ্টেডিয়াম থাকিব লাগিব। অসমৰ ১২৬টা সমষ্টিত একোটা ষ্টেডিয়াম নিৰ্মাৰ কাম হাতত লোৱা হৈছে। ইতিমধ্যে ১২খন ষ্টেডিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ‘খেলো ইণ্ডিয়া’ৰ কেন্দ্ৰ নিৰ্মাণৰ কাম হাতত লোৱাৰ কথা অৱগত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ সুবিধাৰ্থে আমাৰ চৰকাৰে বিগত সময়ছোৱাত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাজ্যত কেইবাখনো অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ, খেলো ইণ্ডিয়া কেন্দ্ৰ নিৰ্মাণ, ৫২টা সমষ্টিৰ প্ৰতিটোত ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ১২ কোটিকৈ টকা, গেমছ ভিলেজ নিৰ্মাণ, উচ্চ পাৰদৰ্শিতা কেন্দ্ৰ নিৰ্মাণ, আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণ আৰু থলুৱা ক্ৰীড়া সমাৰোহৰ আয়োজনকে ধৰি বিভিন্ন দিশত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে সৰুসজাইত ২৫০জন খেলুৱৈ একেলগে থাকিব পৰা গেমছ ভিলেজ নিৰ্মাণ কৰা কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গেমছ ভিলেজৰ কেন্টিনত খেলুৱৈসকলক পুষ্টিকৰ খাদ্য যোগান ধৰাৰ ব্যৱস্থা থাকিব। আনহাতে,আমিনগাঁৱতো নিৰ্মাণ কৰা হ’ব গেমছ ভিলেজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply