গুৱাহাটী : বক্সাৰ লাভলীনা বৰগোহাঁয়ে অলিম্পিকত প্ৰথমগৰাকী অসমীয়া হিচাপে পদক জয় কৰি ৰাজ্যবাসীক আনন্দিত কৰি ৰখাৰ সময়তে অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে আন এটা ভাল খবৰ। পাটিয়ালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ সুদিত্য বৰুৱাই স্বৰ্ণ পদক লাভ কৰাৰ লগতে দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰক আৰু এঢাপ আগুৱাই নিলে। চৰাইদেউ জিলাৰ সন্তান সুদিত্য বৰুৱাক অসম অলিম্পিক সন্থাই ৰাষ্ট্ৰীয় পৰ্যায়ত এনে মাইলৰ খুটি স্থাপন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
অসম অলিম্পিক সন্থাৰ সভাপতি তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে খেলুৱৈ গৰাকীক শুভকামনা জনাইছে। অনাগত দিনত সুদিত্যই আৰু সফলতা আজুৰি আনি অসমৰ ক্ৰীড়াক্ষেত্ৰক নতুন মাত্ৰা প্ৰদান কৰিব বুলি লক্ষ্য কোঁৱৰে মন্তব্য কৰে। আনহাতে, একেখন প্ৰতিযোগিতাৰে জুনিয়ৰ শাখাৰ ৮১ কেজিত ৰূপৰ পদক লাভ কৰা শিৱসাগৰ জিলাৰ ত্ৰিদিপ বৰুৱাকো অসম অলিম্পিক সন্থাই অভিনন্দন জলাইছে।
লগতে পঢ়ক : চোৰাং চিকাৰ ৰোধৰ বাবে কাজিৰঙাৰ সুৰক্ষা কৰ্মীক ছেটেলাইট ফোন
উল্লেখ্য, সুদিত্যই ৮৯ কিলোগ্ৰামৰ যুৱ শাখাৰ ভাৰোত্তোলোনত সৰ্বমূঠ ২৮৩ কেজি দাঙি স্বৰ্ণ পদক লাভ কৰে। ভাৰোত্তোলক গৰাকীয়ে স্নেটছত ১২০ কোজি আৰু ক্লিন এণ্ড জাৰ্কত ১৬৩ কেজি দাঙে। সুদিপ্ত বৰুৱাই ক্লিন এণ্ড জাৰ্কত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ লগতে সৰ্বমূঠ ২৮৩ কেজি দাঙিও নতুন নেশ্যনেল ৰেকৰ্ড গঢ়ে। আনহাতে, ত্ৰিদিপে স্নেটছত ১২৬ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১৫৭ কেজি উত্তোলন কৰে। দুয়োগৰাকী ভাৰোত্তোলকে ছেকেন্দ্ৰাবাদৰ “আৰ্মি অৰ্ডিনেন্স ক’ৰত” প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।