গুৱাহাটীঃ গুৱাহাটী ক্ৰীড়া সন্থাৰ অনুৰ্ধ ১৩ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত ক্ৰমাগত দ্বিতীয়বাৰলৈ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে গুৱাহাটী চিটী এফচিয়ে৷ শনিবাৰে নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত গুৱাহাটী চিটী এফচিয়ে কাজিৰঙা এফচিক টাইব্ৰেকাৰত ৩-১ গ’লত পৰাস্ত কৰে ৷ উত্তেজনাপূৰ্ণ খেলখনত কাজিৰঙাই কেইবাটাও সুযোগৰ অপচয় কৰে৷

এই প্ৰতিযোগিতাৰ বিজয়ীসূত্ৰে গুৱাহাটী চিটী এফচিয়ে অসম ফুটবল সন্থাৰ আগন্তুক অনুৰ্ধ ১৩ লীগৰ মাণ্ডলিক প্ৰতিযোগিতাৰ বাবে যোগ্যতা আহৰণ কৰিলে৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে কাজিৰঙাৰ অভিষেক বড়োৱে ৷ শ্ৰেষ্ঠ গ’লকীপাৰৰ বঁটা লাভ কৰে গুৱাহাটী চিটী এফচিৰ আয়ান আহমেদে ৷ চেম্পিয়ন, ৰাণাৰ্ছআপৰ লগতে আন বঁটাসমূহ বিতৰণ কৰে জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকা আৰু অসম অলিম্পিক সন্থাৰ উপ সভাপতি ভৱজ্যোতি গোস্বামীয়ে৷

অনুষ্ঠানত সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতা, সহকাৰী সাধাৰণ সম্পাদক সিদ্ধাৰ্থ শংকৰ ডেকা, ফুটবল সম্পাদক এল প্ৰণৱ সিং, ক্ৰিকেট সম্পাদক প্ৰমোদ ৰাজবংশী, বেডমিণ্টন সম্পাদক দীপক পাটোৱাৰী, হকী সম্পাদক অৰূপ কলিতা, এথলেটিকছ সম্পাদক ৰাঘৱেন্দ্ৰ মজুমদাৰকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply