গুৱাহাটী – ভাৰতৰ শীৰ্ষ মহিলা ফুটবল লীগ ‘ইণ্ডিয়ান ৱমেন্ছ লীগ’ চমুকৈ আই ডব্লিউ এলত ভৱিষ্যতে অংশ লোৱা আৰু ৰাজ্যত মহিলা ফুটবলৰ বিকাশৰ লক্ষ্যৰে গুৱাহাটী চিটী এফ চি চমুকৈ জিচিএফচিয়ে সোমবাৰে আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা মুকলি কৰে ইয়াৰ মহিলা ফুটবল দলটো৷ মহানগৰীৰ বেহাৰবাৰীত থকা ‘গেম অন এৰিনা’ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈৰে গঠিত ‘জিচিএফচি লেডীজ’ শীৰ্ষক মহিলা দলটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷
মহিলা ফুটবল ক্ষেত্ৰত দীৰ্ঘদিন ধৰি কাম কৰি অহা অভিজ্ঞ এআইএফএফৰ লাইচেঞ্চপ্ৰাপ্ত প্ৰশিক্ষক বিতু দাসক ‘জিচিএফচি লেডীজ’ৰ প্ৰশিক্ষকৰূপে নিযুক্তি দিয়া হৈছে আৰু তেওঁ জিচিএফচিৰ এএফচি ‘এ’ লাইচেঞ্চপ্ৰাপ্ত মুখ্য প্ৰশিক্ষকৰ তত্ত্বাৱধানত দলটোক প্ৰশিক্ষণ প্ৰদান কৰিব৷ প্ৰথমে দলটোৱে বিভিন্ন স্থানীয় প্ৰতিযোগিতাৰ লগতে অনাগত ৰাজ্যিক চেম্পিয়নশ্বিপত অংশ ল’ব আৰু ২০২১-২২ ছিজনত আই ডব্লিউ এলৰ বাবে প্ৰস্তুতি চলাব বুলি জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক ডৰিক ৰঞ্জন ডেকাই জানিবলৈ দিয়ে৷
জিচিএফচিয়ে মহিলা ফুটবলৰ বিকাশৰ বাবে মহানগৰীত ইয়াৰ একাডেমীৰ এটা কেন্দ্ৰ মহিলা ফুটবলৰ বাবে শীঘ্ৰে আৰম্ভ কৰিব৷ অনুষ্ঠানত অসম ফুটবল সংস্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈ, ৱান ষ্টপ কিচ্চেনৰ প্ৰতিষ্ঠাপক ৰাহুল হাজৰিকা, ‘হেল্দী কো’ৰ ব্ৰেণ্ড হেড অভিষেক বেদী বাৰ্মা, এছ জি ল প্লাছৰ পিনাক ডেকা, জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকা, গেম অন এৰেনাৰ প্ৰতিষ্ঠাপক ছাজাদ ছিদ্দকি উপস্থিত থাকে ৷