গুৱাহাটীঃ নেহৰু ষ্টেডিয়ামত ১০ ছেপ্টেম্বৰৰপৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ ২০২২-২৩ বৰ্ষৰ জীৱেশ্বৰ গোস্বামী ডিভিজন ফুটবল লীগ আৰু ১৬ ছেপ্টেম্বৰৰপৰা ২০২২-২৩ বৰ্ষৰ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগ অনুষ্ঠিত হ’ব ৷ ৭টা ক্লাবে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া এ ডিভিজন লীগ ৩০ ছেপ্টেম্বৰলৈ চলিব ৷

১০ ছেপ্টেম্বৰৰ বিয়লি ২-৪৫ বজাত এ ডিভিজনৰ প্ৰথম মেচত প্ৰতিদ্বন্দ্বিতা কৰিব ডাইনামো ক্লাব আৰু ছাই এছচিয়ে ৷ আনহাতে, ১৬ ছেপ্টেম্বৰত বিয়লি ২-৪৫ বজাত ছুপাৰ ডিভিজনৰ প্ৰথম মেচত ছানৰাইজ এচিয়ে মহাৰাণা এচিৰ মুখামুখি হ’ব ৷ ছুপাৰ ডিভিজনত ৮টা ক্লাবে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ছুপাৰ ডিভিজন ২৩ নৱেম্বৰলৈ চলিব ৷ ফুটবল সম্পাদক এল প্ৰণৱ সিঙে এটা বিবৃতিযোগে এই কথা জনাইছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply