গুৱাহাটীঃ নেহৰু ষ্টেডিয়ামত গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা ত্ৰয়োদশ এনএন ভট্টাচাৰ্য প্ৰাইজমানী নকআউট ফুটবল টুৰ্ণামেণ্টত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে এফচি গ্ৰীণভেলীয়ে ৷ আজি অনুষ্ঠিত ফাইনেলত এফচি গ্ৰীণভেলীয়ে নৱজ্যোতি ক্লাবক ১-০ গ’লত পৰাস্ত কৰে ৷ দুয়োটা দলে আক্ৰমণৰ প্ৰচেষ্টা চলালেও গ’ল সুযোগ কোনো দলেই লাভ কৰা নাছিল ৷ তাৰ মাজতে এক প্ৰত্যাক্ৰমণৰ সুযোগ লৈ ভিক্টৰ ছাডাপে ৫১ মিনিটত গ’ল কৰি গ্ৰীণভেলীক অগ্ৰগতি দিয়ে ৷

নৱজ্যোতিয়ে আক্ৰমণৰ প্ৰচেষ্টা চলালেও সফল নহ’ল ৷ ফাইনেলৰ পূৰ্বে গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামীয়ে প্ৰয়াত নৃপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ পুত্ৰত্ৰয় যতীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য আৰু দ্বিজেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যক দুয়োটা দলৰ খেলুৱৈসকলক চিনাকি কৰি দিয়ে ৷ ফাইনেলৰ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ডঃ শ্বাহ মহম্মদ তনবীৰ মনছুৰ ৷

তেওঁৰ লগতে উপস্থিত থাকে গুৱাহাটী লন টেনিছ সন্থাৰ সম্পাদক কল্যাণ দাস, প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ কালিন্দ্ৰ বৰুৱা, বাহাৰুল ইছলাম, বিধান দাস, এৰিডাৰ সভাপতি প্ৰণৱ কুমাৰ শৰ্মা, স্প’ৰ্টছ অথৰিটী অব্‌ আছামৰ ইষ্টেট অফিচাৰ প্ৰসেনজিৎ চৌধুৰী আদি বিশিষ্ট ব্যক্তিবৰ্গ ৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয় গ্ৰীণভেলীৰ হৰিষ সিং কাৰ্কী, শ্ৰেষ্ঠ গ’লকীপাৰ হয় নৱজ্যোতিৰ বিষ্ণু বাছফ’ৰ আৰু শ্ৰেষ্ঠ গ’লদাতা হয় গ্ৰীণভেলীৰ ছেমছন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply