গুৱাহাটীঃ প্ৰতিকূল বতৰ আৰু অনুৰ্ধ ১৭ মহিলাৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত চি ডিভিজন কোৱালিফাইং ৰাউণ্ডৰ খেলসমূহ পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত স্থগিত ৰখা হৈছে৷ একেদৰে ইয়াৰ পাছত অনুষ্ঠিত হ’বলগীয়া চি আৰু বি ডিভিজন ফুটবল লীগৰ খেলৰ সূচীও সলনি কৰা হৈছে৷

সেই অনুসৰি চি আৰু বি ডিভিজনৰ খেলুৱৈ পঞ্জীয়নৰ অন্তিম দিন ২৮ জুন আৰু চি আৰু বি ডিভিজন ফুটবল লীগৰ খেলুৱৈ পঞ্জীয়নৰ অন্তিম দিন ২ জুলাইৰপৰা ধাৰ্য কৰা হৈছে৷ আনহাতে, এ ডিভিজনৰ খেলুৱৈ পঞ্জীয়নৰ অন্তিম দিন ২০ জুলাই ৷ এ ডিভিজন লীগ অনুষ্ঠিত হ’ব ২২ জুলাইৰপৰা৷

উল্লেখ্য যে, চি ডিভিজন কোৱালিফাইং ৰাউণ্ডৰ বাকী থকা খেলৰ সূচী শীঘ্ৰে প্ৰকাশ কৰা হ’ব বুলি ফুটবল সম্পাদক এল প্ৰণৱ সিঙে জনাইছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply