গুৱাহাটী: নেহৰু ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে গুৱাহাটী ক্ৰীড়া সন্থাৰ বি আৰু চি ডিভিজন ফুটবল লীগ। চি ডিভিজনৰ গ্ৰুপ এৰ প্ৰথম দুখন খেলত ৰয়েলছ ক্লাবে আৰামবাগ এফ চিক ২-০ গ’লত পৰাস্ত কৰে। ৰয়েলছ ক্লাবৰ হৈ বিৰ্দা ব্ৰহ্মই দুটা গ’ল অৰ্জন কৰে।
আন এখন খেলত নিউ ষ্টাৰ ক্লাবে বৰলুইট ইউনাইটেড এফ চিক ৩-০ গ’লত পৰাজিত কৰে। মহাত্মা বংৰুমে নিউ ষ্টাৰৰ হৈ হেট্ৰিক অৰ্জন কৰে।
আনহাতে, বি ডিভিজনৰ গ্ৰুপ এৰ প্ৰথম দুখন খেলত স্পোৰ্টিং ইউনিয়ন ক্লাবে গুৱাহাটী এফ চিক ৪-২ গ’লত পৰাস্ত কৰে আৰু ৰাইজিং ইলেভেন ক্লাবে পানবজাৰ বয়জ ক্লাবৰ বিৰুদ্ধে ৱাকঅভাৰ লাভ কৰে।
কাইলৈ নৰ্থ ইষ্ট ইউনাইটেড এফ চি উদয়ন কৃষ্টি সংঘৰ মুখামুখি হ’ব আৰু চি ডিভিজনত এছ জি ক্লাব লিজেণ্ড স্পোৰ্টিং ক্লাবৰ মুখামুখি হ’ব। বি ডিভিজনত, জুৱেল ষ্টাৰ ক্লাব ষ্টাৰ স্পোৰ্টিং ক্লাবৰ মুখামুখি হোৱাৰ বিপৰীতে ৰিভাৰ ৰিন ক্লাব ইয়ং এমেচাৰ ক্লাবৰ মুখামুখি হ’ব।
লগতে পঢ়ক – চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ চতুৰ্থ ৰাউণ্ড