গুৱাহাটীঃ গুৱাহাটী ক্ৰীড়া সন্থাৰ ২০২২-২৩ বৰ্ষৰ বি ডিভিজন ফুটবল লীগত আজি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ইয়ং এমেচাৰ ক্লাবে ৷ নেহৰু ষ্টেডিয়ামত আজি অনুষ্ঠিত বি ডিভিজনৰ ফাইনেল খেলত ইয়ং এমেচাৰ ক্লাবে স্প’ৰ্টিং ইউনিয়ন ক্লাবক টাইব্ৰেকাৰত ১২-১১ গ’লত পৰাস্ত কৰে ৷
নিৰ্ধাৰিত সময়ত গ’লশূন্য হৈ থকা খেলখনৰ পাছত হোৱা উত্তেজনাপূৰ্ণ টাইব্ৰেকাৰত দুয়ো দলে ১৮বাৰকৈ শ্বট ল’য় ৷ খেলৰ শেষত সন্থাৰ উপ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী আৰু প্ৰাক্তন সভাপতি মুনীন নবীশে বঁটা বিতৰণ কৰে ৷ ইপিনে, আজি অনুষ্ঠিত চি ডিভিজনৰ গ্ৰুপ বিৰ এখন খেলত চান্দমাৰী এছচিয়ে এছজি ক্লাবক ৩-০ গ’লত পৰাস্ত কৰে ৷ আন এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে লেজেণ্ড্ছ স্প’ৰ্টিং ক্লাবক ৮-০ গ’লত পৰাস্ত কৰে ৷