গুৱাহাটী : অসম হেণ্ডবল সন্থাই পৰৱৰ্তী চাৰিখন প্ৰতিযোগিতাৰ দিন ঘোষণা কৰিছে। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত সন্থাৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সন্থাই সিদ্ধান্ত অনুসৰি ৪ ৰ পৰা ৬ ডিচেম্বৰত অমুল্য দাস সোঁৱৰণি জুনিয়ৰ আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতা চৰাইদেউ জিলা হেণ্ডবল সন্থাৰ উদ্যোগত সাপেখাটীত অনুষ্ঠিত হ’ব। আনহাতে, জনুৱাৰীৰ প্ৰথম সপ্তাহত ছিনিয়ৰ আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতা মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটাত অনুষ্ঠিত হ’ব।

লগতে পঢ়ক : ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী

একেদৰে, ২১ ৰ পৰা ২৩ জানুৱাৰীত গুৱাহাটী জিলা হেণ্ডবল সন্থাই গুৱাহাটীত ছাব-জুনিয়ৰ আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। ইফালে, অসম হেণ্ডবল সন্থাই প্ৰথমবাৰৰ বাবে মিনি আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতা তিনিচুকীয়াত জানুৱাৰীৰ শেষৰ ফালে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply