দক্ষিণ শালমাৰা – হাটশিঙিমাৰী ষষ্ঠম জিলা প্ৰিমীয়াম লীগৰ খিতাপ অর্জন কৰিলে কানাইমাৰা গাঁও পঞ্চায়ত ক্ৰিকেট দলে। কানাইমাৰা গাঁও পঞ্চায়ত ক্ৰিকেট দলে ৮০ ৰাণত পৰাস্ত কৰিলে মেঘালয়ৰ শিঙিমাৰী ক্ৰিকেট দলক।

বিগত এমাহ ধৰি হাটশিঙিমাৰী জিলা কৃষি বিভাগৰ কাৰ্যালয় খেল পথাৰত অনুষ্ঠিত হৈ থকা ষষ্ঠম জিলা প্ৰিমীয়াম লীগৰ চূড়ান্ত খেলত কানাইমাৰা গাঁও পঞ্চায়ত ক্ৰিকেট দলে মেঘালয়ৰ শিঙিমাৰী ক্ৰিকেট দলক ৮০ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। দিবা-নৈশ জিলা প্ৰিমীয়াম লিগৰ অন্তিম তথা চূড়ান্ত খেলখনত জিলাখনৰ কানাইমাৰা গাঁও পঞ্চায়ত ক্ৰিকেট দল আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শিঙিমাৰী ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়।

কানাইমাৰা দল প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৮ অভাৱত ৩ উইকেটৰ বিনিময়ত ১৭৫ ৰান সংগ্ৰহ কৰি এক বিশাল লক্ষ্য বান্ধি দিয়ে মেঘালয়ৰ শিঙিমাৰী দলক। প্ৰত্যুত্তৰত শিঙিমাৰী দলে ৫ অভাৱত আটাইকেইটা উইকেট হেৰুৱাই ৯৫ ৰান সংগ্ৰহ কৰি ৮০ ৰানৰ ব্যৱধানত পৰাস্ত হয়।

দিবা-নৈশ এই প্ৰিমীয়াম লীগৰ চূড়ান্ত খেলখন যোৱা দুদিন পূৰ্বে নিশা প্ৰায় ৮ বজাত অনুষ্ঠিত হৈ থকাৰ সময়ত আম্পায়াৰ এটা সিদ্ধান্তক লৈ খেলখন বাতিল কৰা হৈছিল। সোমবাৰে পুনৰ বিয়লি ৩ বজাত নতুনকৈ প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply