নিউজ ডেস্ক : মণিপুৰৰ জুডোকা (জুডো খেলুৱৈ) সুশীলা দেৱীয়ে এইবাৰ টকিঅ’ অলম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব। বৰ্তমান তেওঁ দিল্লীৰ স্পৰ্টছ অ’থৰিটি অৱ ইণ্ডিয়া (ছাই)ৰ কেন্দ্ৰত অলম্পিকৰ বাবে নিজকে সাজু কৰি আছে।  

পাঁচদিন পূৰ্বে ফ্ৰান্সৰ পৰা দেশলৈ ওভতা খেলুৱৈ গৰাকীয়ে কয়, ‘মই টকিঅ’ৰ বাবে সম্পূৰ্ণ সাজু, চৰকাৰে মোক প্ৰয়োজন হোৱা সকলোখিনি সুবিধা কৰি দিছে,’ সুশীলাই কয়।

২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’বলীয়া টকিঅ’ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা ২৪ বছৰীয়া সুশীলা দেৱী মণিপুৰৰ পঞ্চম গৰাকী খেলুৱৈ। তেওঁৰ উপৰি মণিপুৰৰ এইবাৰ অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা মণিপুৰৰ আন চাৰি গৰাকী খেলুৱৈ হৈছে বক্সাৰ এম চি মেৰী কম, ভাৰোত্তোলক চাইখম মিৰাবাই চানু, মহিলা হকী খেলুৱৈ সুশীলা চানু আৰু পুৰুষ হকী খেলুৱৈ ছাংলাকপাম নীলকান্ত শৰ্মা।

সুশীলা দেৱীয়ে ছাইৰ কেন্দ্ৰত দ্ৰোণাচাৰ্য পুৰষ্কাৰ বিজেতা জীৱন শৰ্মাৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

৪৬ কেজি শাখাৰ জুডো খেলুৱৈ সুশীলাৰ বাবে স্পৰ্টছ অ’থৰিটি অৱ ইণ্ডিয়াই দিল্লীৰ জৱাহাৰলাল নেহৰু ষ্টেডিয়ামত বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক : বতৰৰ আগলি-বতৰা : অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply