গুৱাহাটী: প্ৰথম মেচৰ শোচনীয় পৰাজয় পাহৰি আজি হিৰো ইণ্ডিয়ান ৱমেন্ছ লীগৰ কোৱালিফায়াৰ্ছত মণিপুৰৰ ইয়ং ৱেলফেয়াৰ ক্লাবৰ বিৰুদ্ধে তীব্ৰ যুঁজ দি পৰাজয় বৰণ কৰিলে গুৱাহাটী চিটী এফ চি (জি চি এফ চি)ৰ মহিলা দলটোৱে ৷
নতুন দিল্লীৰ ড০ আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত নিজৰ দ্বিতীয়খন মেচত জি চি এফ চিয়ে আৰম্ভণিৰে পৰা তীব্ৰ আক্ৰমণ চলায় ৷
অৱশ্যে প্ৰথম মিনিটতে চালাম ৰীণা ৰয় দেৱীয়ে ৰক্ষণ বিভাগৰ এটা ভুলৰ সুযোগ লৈ জি চি এফ চিৰ বিৰুদ্ধে স্ক’ৰ কৰে ৷ ইয়াৰ পাছতো জি চি এফ চিয়ে তীব্ৰ আক্ৰমণ অব্যাহত ৰাখে আৰু কেইবাটাও গ’ল স্ক’ৰ কৰাৰ সুযোগ পায় ৷
দ্বিতীয়াৰ্ধতো দুয়োটা দলে আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত ৰাখে ৷ অৱশেষত ৬৩ মিনিটত পুনৰ জি চি এফ চিৰ আন এক ৰক্ষণাত্মক ভুলৰ সুযোগ লৈ ইয়ং ৱেলফেয়াৰ ক্লাবৰ তইজাম থৈবিছানা চানুৱে দ্বিতীয়টো গ’ল দিয়ে ৷
তাৰ পাছতো জি চি এফ চিয়ে গ’ল স্ক’ৰৰ প্ৰচেষ্টা অব্যাহত ৰাখে যদিও ব্যৰ্থ হয় ।
আজি অনুষ্ঠিত আন এখন মেচত গুজৰাটৰ আৰা এফ চিয়ে নিজৰ জয়ৰ দৌৰ অব্যাহত ৰাখি হিমাচল প্ৰদেশৰ গ’লাজো এফচিক ১১-০ গ’লত হৰুৱায় ৷ জিচিএফচিয়ে ৫ এপ্ৰিলত অন্তিমখন মেচত গ’লাজো এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷
লগতে পঢ়ক – মাৰ্ঘেৰিটাত অ’ট’ বাইকৰ দুৰ্ঘটনাত অ’ট চালক থিতাতে নিহত