গুৱাহাটী : হিমাচল প্ৰদেশৰ গ’লাজো এফচিৰ বিৰুদ্ধে ড্ৰ খেলি আজি হিৰো ইণ্ডিয়ান ৱমেন্‌ছ লীগৰ কোৱালিফায়াৰ্ছৰ অভিযান সামৰিলে গুৱাহাটী চিটী ফুটবল ক্লাব (জিচিএফচি)এ ৷

আজি নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত হোৱা মেচখনত গ’লাজোৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা ছোনিয়া মাৰাক আৰু সোনম দত্তৰে গঠিত জিচিএফচিৰ ফৰৱাৰ্ড লাইনে তীব্ৰ আক্ৰমণ চলায় আৰু কেইবাবাৰো গ’লাজোৰ ডিফেণ্ডাৰসকলে গ’ললাইন ক্লীয়েৰেন্স কৰিব লগা হয় ৷

অৱশ্যে সম্পূৰ্ণ ৯০ মিনিট আধিপত্য বিস্তাৰ কৰিও জিচিএফচিয়ে গ’ল স্ক’ৰ কৰিবলৈ সক্ষম নহ’ল । আজিৰ ড্ৰৰ লগে লগে কোৱালিফায়াৰ্ছত তৃতীয় স্থানেৰে বিদায় লয় জিচিএফচিয়ে ৷ ইয়াৰ পূৰ্বে প্ৰথম মেচত গুজৰাটৰ আৰা এফচিৰ বিৰুদ্ধে ১২ গ’ল হজম কৰিব লগা হ’লেও জিচিএফচিয়ে দ্বিতীয় মেচত মণিপুৰৰ ইয়ং ৱেলফেয়াৰ ক্লাবৰ বিৰুদ্ধে সমানে যুঁজিও পৰাজয় বৰণ কৰিছিল ৷

আইডব্লিউএলৰ কোৱালিফায়াৰ্ছত অংশ লোৱা অসমৰ প্ৰথম ক্লাব জিচিএফচিৰ মেনেজাৰ তথা সহঃপ্ৰতিষ্ঠাপক কৌস্তৱ চক্ৰৱৰ্তীয়ে কয় যে এই কোৱালিফায়াৰ্ছ কম বয়সীয়া আৰু অনভিজ্ঞ প্ৰতিভাৰে গঠিত জিচিএফচিৰ মহিলা দলটোৰ বাবে এক অনন্য অভিজ্ঞতা আছিল ৷ ৰাষ্ট্ৰীয় দলৰ খেলুৱৈৰে গঠিত দলবোৰৰ বিৰুদ্ধে যুঁজ দি এই খেলুৱৈসকলে যথেষ্ট শিক্ষা আহৰণ কৰিছে ৷ এই অভিজ্ঞতা আৰু শিক্ষাৰ ভিত্তিতে পৰৱৰ্তী ছিজনৰ বাবে দলটো আগবাঢ়িব বুলি তেওঁ কয় ৷ জিচিএফচিৰ মহিলা দলৰ পৰৱৰ্তী লক্ষ্য গুৱাহাটী আন্তঃক্লাব মহিলা লীগ আৰু ৰাজ্যিক ক্লাব লীগ বুলি তেওঁ জনায় ৷

পৰৱৰ্তী ছিজনত ৰাজ্যিক লীগ চেম্পিয়ন হৈ আইডব্লিউএলত অংশগ্ৰহণৰ লক্ষ্য বন্ধা বুলিও চক্ৰৱৰ্তীয়ে কয় ৷ তেওঁ অসম ফুটবল সংস্থাক ৰাজ্যিক মহিলা লীগ অনুষ্ঠিত কৰি পৰৱৰ্তী ছিজনত যাতে অসমৰ ক্লাবে আইডব্লিউএলত অংশ লোৱাৰ সুযোগ পায় তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় ৷

কিয়নো পৰৱৰ্তী ছিজনৰপৰা সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিয়ম মানি পতা ৰাজ্যিক লীগৰ চেম্পিয়নকহে আইডব্লিউএলত যোগ দিয়াৰ সুযোগ দিয়া হ’ব, কোৱালিফায়াৰ্ছৰ ব্যৱস্থা নাথাকে ৷ ইপিনে আজি কোৱালিফায়াৰ্ছৰ আনখন মেচত আৰা এফচিয়ে ইয়ং ৱেলফেয়াৰ ক্লাবক ৪-৩ গ’লত হৰুৱাই আইডব্লিউএলৰ মূল ৰাউণ্ডৰ বাবে যোগ্যতা আহৰণ কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply