নিউজ ডেস্ক: আজি মেলবৰ্ণত অনুষ্ঠিত আই চি চি টি-২০ বিশ্বকাপৰ চুপাৰ-১২-ৰ এক তীব্ৰ উত্তেজনাপূৰ্ণ মেচত পাকিস্তানত ৪ উইকেটত পৰাস্ত কৰে টীম ইণ্ডিয়াই।

ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি পাকিস্তানক প্ৰথমে বেট ধৰিবলৈ দিয়াত বাবৰ আজম নেতৃত্বাধীন পাকিস্তানৰ দলটোৱে ৮ টা উইকেটৰ বিনিময়ত ১৫৯ ৰান সংগ্ৰহ কৰে।

পাকিস্তানৰ হৈ শ্বাহ মাচুদ আৰু ইফটিখাৰ আহমেদে অৰ্ধ শতক অৰ্জন কৰে।

১৬০ ৰাণৰ টাৰ্গেট লৈ বেটিঙত নমা ভাৰতীয় দলটোৱে মাত্ৰ ৭ অভাৰতে ৩৩ ৰানৰ বিনিময়ত ৪টা উইকেট হেৰুৱাই চাপৰ সন্মুখীন হৈছিল যদিও বিৰাট কোহলীৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বলত ভাৰতে পাকিস্তানৰ বলাৰক এক প্ৰকাৰ ধৰাশায়ী কৰি তোলে।

প্লেয়াৰ অ’ৱ দ্যা মেচ অৰ্জন কৰা বিৰাট কোহলীয়ে ৫৩ টা বলত ৮২ ৰান কৰে।

লগতে পঢ়ক – অসম বিশ্ববিদ্যালয়ত অতিথি অধ্যাপকৰ পদত নিযুক্তি সৃষ্টি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply