নিউজ ডেস্ক: টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আই চি চি T-20 ৰেংকিঙত শীর্ষৰ পঞ্চমলৈ আগবাঢ়িছে৷ সদ্যপ্রকাশিত আই চি চি টি–২০ ৰেংকিঙৰ বেটছমেন শাখাত এটা স্থান আগুৱাই পঞ্চম স্থানলৈ উন্নীত হৈছে কোহলি৷ ইংলেণ্ডৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয় আৰু তৃতীয়খন মেচত দর্শনীয় অর্ধশতকীয় ইনিংছ খেলাৰ সুবাদত স্থানৰ উন্নতি ঘটিছে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীৰ৷ ৭৪৪ ৰেটিং পইণ্টেৰে কোহলিয়ে দক্ষিণ আফ্রিকাৰ ভান ডাৰ ডুছেনক পাছ পেলাই পঞ্চম স্থানলৈ আগবাঢ়িছে৷
তিনিওটা সংস্কৰণৰ ৰেংকিঙৰ শীর্ষ পাঁচটা স্থানৰ ভিতৰত থকা বিৰাট কোহলি হ’ল বিশ্বৰ একমাত্র খেলুৱৈ৷ ইংলেণ্ডৰ ডেভিড মালানে শীর্ষ স্থান দখল কৰি থকা বেটছমেন শাখাত এটা স্থানৰ অৱনমন ঘটিছে ভাৰতীয় দলটোৰ অ’পেনাৰ লোকেশ ৰাহুলৰ৷ ইংলেণ্ডৰ বিপক্ষে খেলি থকা টি–২০ শৃংখলাটোৰ প্রথম তিনিওখনতে ব্যর্থ হোৱা ৰাহুলে এটা স্থান পিছুৱাই চতুর্থ স্থানলৈ অৱনমিত হৈছে৷ বেটছমেন শাখাত অষ্ট্রেলিয়াৰ আৰন ফিন্সে দ্বিতীয় আৰু পাকিস্তানৰ বাবৰ আজমে তৃতীয় স্থানটো অধিকাৰ কৰি আছে৷আফগানিস্তানৰ ৰছিদ খানে বলিঙৰ শীর্ষ স্থান দখল কৰিছে ৷ বলিং শাখাৰ শীর্ষ দহত ভাৰতৰ কোনো এগৰাকী বলাৰে স্থান লাভ কৰা নাই ৷