নিউজ ডেস্কঃ মহিলা বিশ্বকাপত দেওবাৰে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ হাইভল্টেজ মেচ। দুয়োখন দেশৰ মহিলা ক্ৰিকেট দলে এই মেচখনৰ জৰিয়তে বিশ্বকাপ যাত্ৰা আৰম্ভ কৰিব। যদি দুয়োটা ক্ৰিকেট দলৰ পূৰ্বৰ মেচসমূহলৈ লক্ষ্য কৰা হয় তেন্তে ভাৰত জয়ী হোৱাৰ সম্ভাৱনাই অধিক।
ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমানলৈ ১০খন এদিনীয়া মেচ খেল অনুষ্ঠিত হৈছে। আৰু আটাইকেইখন মেচতে ভাৰতৰ হাতত পৰাস্ত হৈছে পাকিস্তান।
এই জয় যাত্ৰা অব্যাহত ৰখাৰ লক্ষ্যৰেই দেওবাৰ অৰ্থাৎ ৬ মাৰ্চত খেলপথাৰত নামিব ভাৰতীয় দল। উল্লেখ্য যে, বিশ্বকাপৰ এইখন মেচ মাউণ্ট মাওংগানুইৰ বে অৱল ষ্টেডিয়ামত খেলা হ’ব। ভাৰতীয় সময় অনুসৰি পুৱা ৬ বজাত টছ কৰা হ’ব আৰু ৭.৩০ বজাত দুয়োটা দলৰ মেচখন আৰম্ভ হ’ব।
ভাৰতীয় মহিলা ক্ৰিকেট দলটোত থকা খেলুৱৈ কেইগৰাকী ক্ৰমে- অধিনায়ক মিতালী ৰাজ, তানিয়া ভাটিয়া, ঝুলন গোস্বামী, হৰমনপ্ৰীত কৌৰ, স্মৃতি মন্ধানা, পুনম যাদৱ, ৰাজেশ্বৰী গায়কৱাড়, দীপ্তি শৰ্মা, স্নেহ ৰাণা, মেঘনা সিং, পূজা বস্ত্ৰাকৰ, ৰেণুকা সিং, ছেফালী বাৰ্মা , ঋষা ঘোষ আৰু যস্তিকা ভাটিয়া।