নিউজ ডেস্ক: অহা ১১ অক্টোবৰৰ পৰা ভুবনেশ্বৰত আৰম্ভ হ’ব লগীয়া ১৭ বছৰ অনুৰ্ধ্ব মহিলা ফিফা বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে ২১ জনীয়া ভাৰতীয় দলৰ নামৰ তালিকা প্ৰকাশ কৰা হৈছে।

বুধবাৰে ভাৰতীয় দলটোৰ প্ৰধান প্ৰশিক্ষক Thomas Dennerby-এ ভাৰতীয় মহিলা ফুটবলাৰৰ দলটোৰ নাম প্ৰকাশ কৰে। উক্ত প্ৰতিযোগিতাত প্ৰুপ A-ত ভাৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰ, মৰক্কো আৰু ব্ৰাজিলৰ বিৰুদ্ধে খেলিব।

উল্লেখযোগ্য যে ২১ জনীয়া ভাৰতীয় দলটোৰ ৭ গৰাকী খেলুৱৈয়ে হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰৰ। তেওঁলোক হৈছে মনালিছা দেৱী মইৰাংথেম, মেলডী চানু কেইশাম, শিল্কি দেৱী হেমম, ববিনা দেৱী লিশ্বাম, লিণ্ডা কম চেৰটো, ৰেজিয়া দেৱী লেইশ্ৰম আৰু শ্বেলিয়া দেৱী লোকটংবাম।

মূল দলটোৰ খেলুৱৈসকল

গ’লৰক্ষক- মনালিছা দেৱী মইৰাংথেম, মেলডী চানু কেইশাম, অঞ্জলি মুণ্ডা।

ডিফেণ্ডাৰ: অস্তম ওৰাওন, কাজল, নকেতা, পূৰ্ণিমা কুমাৰী, বাৰ্ষিকা, শিল্কি দেৱী হেমম।

মিডফিল্ডাৰ: ববিনা দেৱী লিশ্বাম, নিতু লিণ্ডা, শৈলজা, শুভংগী সিং।

ফৰৱাৰ্ড : অনিতা কুমাৰী, লিণ্ডা কম চেৰটো, নেহা, ৰেজিয়া দেৱী লাইশ্ৰম, শ্বেলিয়া দেৱী লোকটংবাম, কাজোল হুবাৰ্ট ডছৌজা, লৱণ্য উপাধ্যায়, সুধা অংকিতা তিৰ্কী।

১১ অক্টোবৰত ভাৰতীয় দলটোৱে আমেৰিকাৰ বিৰুদ্ধে খেলিব, তাৰ পিছত ১৪ অক্টোবৰ আৰু ১৭ অক্টোবৰত ক্ৰমে মৰক্কো আৰু ব্ৰাজিলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব।

গ্ৰুপ A-ৰ আটাইকেইখন খেল ভুৱনেশ্বৰৰ কলিংগা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

লগতে পঢ়ক – নিষিদ্ধ ঘোষিত ডিমাছা সশস্ত্ৰ গোটক ‘নিষ্ক্ৰিয়’ কৰাৰ দাবী অসম আৰক্ষীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply