পঞ্চমবাৰৰ বাবে অনুৰ্ধ-১৯ বিশ্বকাপ চেম্পিয়ন হ’ল টীম ইণ্ডিয়া। ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি ভাৰতে পঞ্চমবাৰৰ বাবে এই খিতাপ অৰ্জন কৰি অভিলেখ ৰচনা কৰে।
টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি ইংলেন্ডে ১৯০ ৰানৰ জয়ৰ লক্ষ্য বান্ধি দিছিল। ভাৰতীয় দলে ৪৭.৪ অভাৰতে জয়ৰ লক্ষ্যত উপনীত হয়।
প্ৰতিযোগিতাত দুয়োটা অপৰাজিত দলেই ফাইনেলত অবৰ্তীণ হৈছিল। ইংলেণ্ডেৰ ইনিংচত ভাৰতীয় বলাৰ ৰাজ বাৱাই ৩১ ৰানত ৫টাকৈ উইকেট লয়। ১৯০ ৰানৰ লক্ষ্য ছৈয়িক ৰছিদ আৰু নিশান্ত সিন্ধুৰ অৰ্ধশতকৰ লগতে দীনেশ বানাৰ ছিক্সৰ সহায়ত ভাৰতীয় দলে জয়ৰ লক্ষ্যত উপনীত হয়।
বিচিচিআইয়ে ৱেষ্ট ইণ্ডিজত ইংলেণ্ডক পৰাস্ত কৰি অভিলেখ পঞ্চমবাৰৰ বাবে অনুৰ্ধ-১৯ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ প্ৰতিজন সদস্যৰ বাবে ৪০ লাখ টকা আৰু সহায়ক কৰ্মচাৰীৰ বাবে ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।