ভাৰতীয় শ্বুটিং দল

নিউজ ডেস্ক: নেচনেল ৰাইফল এছ’চিয়েচন অব্ ইণ্ডিয়াৰ নিৰ্বাচক সমিতিয়ে টকিঅ’ অলিম্পিক বাবে ১৫ গৰাকী শ্বুটাৰৰ নাম ঘোষণা কৰিছে। নেচনেল ৰাইফল এছ’চিয়েচন অব্ ইণ্ডিয়াৰ সভাপতি ৰনিন্দৰ সিঙে জনোৱা মতে, জনোৱা মতে, ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি আন ১৪ গৰাকী খেলুৱৈৰ নাম ৰিজাৰ্ভ খেলুৱৈ হিচাবে নিৰ্বাচিত কৰিছে |

দিল্লী বিশ্বকাপত মাৰ্চ মাহত ২৫ মিটাৰ পিষ্টল শাখাৰ শ্বুটাৰ চিংকি যাদবে ভাৰতীয় কোটাৰ অলিম্পিকৰ যোগত্য অৰ্জন কৰিছিল। সেয়েহে চিংকিক সংৰক্ষিত শ্বুটাৰ হিচাপে ৰাখি টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় মূল দলত ইলাভেনিল ভেলাৰিয়ানক অন্তৰ্ভুক্ত কৰে।

নেচনেল ৰাইফল এছ’চিয়েচন অব্ ইণ্ডিয়াই প্ৰতিটো শাখাত দুগৰাকীকৈ সংৰক্ষিত শ্বুটাৰ ৰাখিছে। মনু ভাকেৰে মহিলাৰ ২৫ মিটাৰ পিষ্টল আৰু ১০ মিটাৰ এয়াৰ পিষ্টল ইভেন্টত প্ৰতিদ্বদ্বিতা কৰিব। ভাৰতীয় দলটোত অন্তৰ্ভুক্ত শ্বুটাৰ সকল ক্ৰমে- দিব্যাংশ সিং পানৱাৰ, দীপক কুমাৰ, সন্দীপ ৰাজপুত, ঐশ্বৰ্য প্ৰতাপ সিং টোমৰ, সৌৰভ চৌধুৰী, অভিষেক বাৰ্মা, অপূৰ্বি চাণ্ডেলা, ইনাভেনিল ভালাৰিভান, অঞ্জুম মুডগিল, তেজস্বিনী শ্বাৱন্ত, মনু ভাকেৰ, যশশ্বিনী সিং দেছৱাল, ৰাহি ছাৰ্নোৱাট, অংগদবীৰ সিং বাজৱা, মাইৰাজ আহমেদ খান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply