নিউজ ডেস্ক: অহা জুনত বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া FIH Pro League ইউৰোপীয়ান লেগৰ বাবে শনিবাৰে ভাৰতে সবিতা পুনিয়াৰ নেতৃত্বত ২৪ জনীয়া মহিলা হকী দলৰ নাম ঘোষণা কৰে।

দলটোৱে, ১ৰ পৰা ১৭ জুলাইলৈ স্পেইন আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ হকী মহিলা বিশ্বকাপৰ পূৰ্বে, ১১ৰ পৰা ২২ জুনলৈ ৬খন খেলত ভাগ ল’ব।

১১ আৰু ১২ জুনত ভাৰতে এণ্টৱাৰ্পত আয়োজক বেলজিয়ামৰ বিৰুদ্ধে খেলাৰ বিপৰীতে ১৮ আৰু ১৯ জুন নেদাৰলেণ্ডৰ ৰটাৰ্ডেমত আৰ্জেণ্টিনা আৰু ২১ আৰু ২২ জুনত আমেৰিকাৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিব।

উল্লেখযোগ্য যোৱা বছৰৰ টকিঅ’ অলিম্পিকত অন্তিমবাৰৰ বাবে খেলাৰ পিছত তাৰকা ষ্ট্ৰাইকাৰ ৰাণী ৰামপাল পুনৰ খেলপথাৰলৈ অহাৰ সম্ভাৱনা আছে যদিও এইবাৰ দলটোৰ নেতৃত্বত সবিতাই থাকিব বুলি জানিব পৰা গৈছে।

জুনিয়ৰ বিশ্বকাপৰ তাৰকা বিচু দেৱী খাৰিবাম, ইশিকা চৌধুৰী, অক্ষতা আবাসো ঢেকালে, বলজীত কৌৰ, সংগীতা কুমাৰী, দীপিকা আদি খেলুৱৈ থাকিব লগীয়া দলটোৰ ভাইচ অধিনায়ক হিচাপে থাকিব অভিজ্ঞ ডিফেণ্ডাৰ দীপ গ্ৰেচ এক্কা।

দলটোৰ বিষয়ে মুখ্য প্ৰশিক্ষক জান্নেকে শ্বপমেনে কয় যে ইউৰোপত প্ৰ’ লীগৰ মেচসমূহৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ লেগ হ’ব কাৰণ ইয়াৰ দ্বাৰা জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ পূৰ্বে আমাৰ অগ্ৰগতিৰ বিষয়ে আমি জানিব পাৰিম।

ভাৰতীয় দলটোৱে সম্প্ৰতি আৰ্জেণ্টিনাৰ পিছতে ৮খন মেচত ৪খন জয়, ৩খন ড্ৰ’ আৰু এখন পৰাজয়ৰ সৈতে ২২ পইণ্টেৰে ৰেংকিঙত দ্বিতীয় স্থানত আছে।

দলটোৰ সদস্যসকল:

গ’লৰক্ষকঃ সবিতা (অধিনায়ক), বিচু দেৱী খাৰিবাম

ডিফেণ্ডাৰ: দীপ গ্ৰেচ এক্কা (উপ অধিনায়ক), গুৰজিৎ ​​কৌৰ, নিকি প্ৰধান, উদিতা, ইশিকা চৌধুৰী, অক্ষতা আবাসো ঢেকালে

মিডফিল্ডাৰঃ নিশা, সুশীলা চানু পুখ্ৰমবাম, মণিকা, নেহা, জ্যোতি, নৱজোত কৌৰ, ছোনিকা, সলিমা টেটে, বলজীত কৌৰ

ফৰৱাৰ্ড : বন্দনা কটাৰিয়া, লালৰেমচিয়ামী, নৱনীত কৌৰ, শৰ্মিলা দেৱী, সংগীতা কুমাৰী, দীপিকা, ৰাণী।

লগতে পঢ়ক – নাই স্থায়ী ড্ৰাগছ ষ্ট’ৰ, ৰ’দে-বৰষুণে পৰি থাকি নষ্ট হৈছে বহু মূল্যবান ঔষধ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply