আই চি চি (ICC)ৰ টেষ্ট ৰেংকিঙত ভাৰতে প্ৰথম স্থান বাহাল ৰাখিছে। বৃহস্পতিবাৰে প্ৰকাশ পোৱা আই চি চিৰ টিম ৰংকিঙৰ তালিকাত এই কথা প্ৰকাশ পাইছে।

ভাৰতে ১২১ ৰেটিং পইণ্টেৰে প্ৰথম স্থানত থকাৰ বিপৰীতে ১২০ পইণ্টেৰে নিউজিলেণ্ডে অধিকাৰ কৰিছে দ্বিতীয় স্থান।

উল্লেখযোগ্য যে বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে যোৱা এটা বছৰত অষ্ট্ৰেলিয়াক তেওঁলোকৰ দেশত অনুষ্ঠিত টেষ্ট ছিৰিজত ২-১ ব্যৱধান পৰাস্ত কৰিছিল।  ইয়াৰ উপৰি ইংলেণ্ডক ৩-১ ব্যৱধান পৰাস্ত কৰিছিল ভাৰতীয় দলে।

যাৰ ফলত দলটোৱে আই চি চিৰ টেষ্ট ৰেংকিঙত শীৰ্ষ স্থান বৰ্তাই ৰাখিবলৈ সক্ষম হয়।

লগতে পঢ়ক : কোৰোনাৰ ভয়াবহতাৰ বাবেই আই পি এল বাতিল হ’ল

ভাৰত আৰু নিউজিলেণ্ডৰ পিছতে ১০৯ পইণ্টেৰে ইংলেণ্ডে তৃতীয় স্থান আৰু ১০৮ পইণ্টেৰে অষ্ট্ৰেলিয়াই চতুৰ্থ স্থান অধিকাৰ কৰে।

আনহাতে পাকিস্তানে এইবাৰ আই চি চি টেষ্ট ৰেংকিঙত পঞ্চম স্থানত থাকে। পাকিস্তানৰ ক্ৰিকেট দলটোৱে লাভ কৰিছে ৯৪ পইণ্ট।

বাকী দল কেইটাই ক্ৰমে- ৮৪ পইণ্ট লাভ কৰি ৱেষ্ট ইণ্ডিজ ষষ্ট স্থান, ৮০ পইণ্ট লাভ কৰি দক্ষিণ আফ্ৰিকা সপ্তম স্থান, ৭৮ পইণ্ট লাভ কৰি শ্ৰীলংকা অষ্টম স্থান, ৪৬ পইণ্টেৰে বাংলাদেশ নৱম স্থান আৰু ৩৫ পইণ্টেৰে জিম্বাৱে দশম স্থানত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply