স্প’ৰ্টছ ডেস্ক – বিৰাট কোহলীৰ প্ৰত্যাৱৰ্তনেৰে সোমবাৰে নিশা আগন্তুক এছিয়া কাপৰ বাবে ১৪ জনীয়া দল ঘোষণা ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দল বাছনি কমিটিয়ে। প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলী দললৈ উভতি আহিছে যদিও আঘাতৰ বাবে দলত স্থান দিয়া নহ’ল তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেলক। তেওঁলোকে দুয়ো বৰ্তমান বেংগালুৰুৰ এনচিএত অনুশীলন কৰি আছে।

উল্লেখ্য যে ক’ৰোনা মহামাৰীৰ বাবে অনুষ্ঠিত নোহোৱা বহু প্ৰতীক্ষিত এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাখন এই বছৰৰ ২৭ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতা খনৰ ১৫ তম সংস্কৰণ UAE অৰ্থাৎ নিৰপেক্ষ ভেন্যুত ছটা দলৰ মাজত খেলোৱা হ’ব। এই প্ৰতিযোগিতাৰ ডিফেণ্ডিং চেম্পিয়ন ভাৰতে এই পৰ্যন্ত সাতবাৰ ট্ৰফী জয় কৰি সবাতোকৈ সফল দল হিচাপে অভিহিত হৈ আহিছে। উল্লেখ্য যে প্ৰতিযোগিতাখনৰ অন্তিম সংস্কৰণটো এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হৈছিল যদিও এই সংস্কৰণত টি-২০ ৰূপত অনুষ্ঠিত হ’ব।

ছটা দলক দুটা গোটত বিভক্ত কৰা হৈছে। গ্ৰুপ এ-ত ভাৰত, পাকিস্তান আৰু এটা যোগ্যতা অৰ্জনকাৰী দল আছে, আনহাতে গ্ৰুপ বিত শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানক ৰখা হৈছে। প্ৰতিটো দলে গ্ৰুপ পৰ্যায়ত এবাৰকৈ ইটোৱে সিটো দলৰ সৈতে খেলিব। য’ত প্ৰতিটো গোটৰ শীৰ্ষ দুটা দলে ছুপাৰ ৪ ৰাউণ্ডলৈ আগবাঢ়িব। চুপাৰ ৪ৰ শীৰ্ষ ২ টা দলে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব।

এছিয়া কাপৰ বাবে ঘোষিত ভাৰতীয় দলতো – ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, ঋষভ পন্ত (উইকেট-ৰক্ষক), দিনেশ কাৰ্তিক (উইকেট-ৰক্ষক), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, আৰ অশ্বিন, যুজবেন্দ্ৰ চাহল, ৰবি বিষ্ণই, ভুৱনেশ্বৰ কুমাৰ, অৰ্শদীপ সিং, আৱেশ খান। ইফালে শ্ৰেয়াশ আয়াৰ, অক্ষৰ পেটেল আৰু দীপক চাহাৰক ষ্টেণ্ডবাই হিচাপে মনোনীত কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply