নিউজ ডেস্কঃ ভাৰতীয় ক্ৰীড়া জগতৰ বাবে এক ভাল খবৰ। ৪টা দশকৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অধিবেশন ২০২৩। এয়া ভাৰতৰ বাবে এক ঐতিহাসিক ক্ষণ। ভাৰতৰ অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰা অভিনৱ বিন্দ্ৰা, আইঅচি সদস্য নীতা আম্বানী, ভাৰতীয় অলিম্পিক সংঘৰ অধ্যক্ষ নৰিন্দৰ বত্ৰা, ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে বেইজিঙত চলি থকা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ১৩৯ সংখ্যক অধিবেশনত পৰৱৰ্তী অধিবেধন ভাৰতত অনুষ্ঠিত কৰাৰ এই প্ৰস্তাৱ দিয়ে আৰু তাৰপাছতে ভাৰতক এই দায়িত্ব প্ৰদান কৰা হয়।
উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব আইঅচি অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অধিবেশন। ইয়াৰ পূৰ্বে ১৯৮৩চনত নতুন দিল্লীত আইঅচিৰ অধিবেশন অনুষ্ঠিত হৈছিল। আৰু ৪ দশকৰ পাছত ২০২৩চনত মুম্বাইত অনুষ্ঠিত হ’ব এই অধিবেশনখন।
ইফালে, এই সন্দৰ্ভত নিতা আম্বানীয়ে সাংবাদিকৰ আগত কয় যে- ভাৰতত অলিম্পিকৰ বাবে খেলুৱৈসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ই বহু ইতিবাচক দিশ। এই অধিবেশনৰ ফলতেই ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰখন আৰু অধিক আগুৱাই যাব।