নিউজ ডেস্কঃ ভাৰতীয় ক্রিকেটপ্রেমীসকলৰ বাবে সুখবৰ। ১২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্তত ২০২৫ ভাৰতত অনুষ্ঠিত হ’ব এদিনীয়া মহিলা বিশ্বকাপ। বার্মিংহামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ বৈঠকত ভাৰতে নিবিদা লাভ কৰাত সফল হোৱাৰ পিছতেই সুদীৰ্ঘ ১২ বছৰৰ পিছত ভাৰতত পুনৰ মহিলা বিশ্বকাপ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।ইয়াৰ পূৰ্বে ২০১৩ চনত ভাৰতত অনুষ্ঠিত হৈছিল মহিলা বিশ্বকাপ। মুম্বাইত অনুষ্ঠিত হোৱা ফাইনেল খেলখনত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি অষ্ট্ৰেলিয়াই বিশ্বকাপ লাভ কৰিছিল।

আনহাতে, ২০২৮ চনত বাংলাদেশত আৰু ২০২৬ চনত ইংলেণ্ডত অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ। ইফালে ২০২৭ চনত শ্রীলংকাত অনুষ্ঠিত হ’ব প্ৰথমখন মহিলা টি ২০ চেম্পিয়নশ্বিপ। উল্লেখ্য যে. এইবাৰ দ্বিতীয়বাৰৰ বাবে বাংলাদেশত অনুষ্ঠিত হ’ব টি-২০ মহিলা বিশ্বকাপ।

এই পাঁচবছৰীয়া মহিলা ক্ৰিকেটৰ পৰিক্ৰমা সম্পর্কে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই আই চি চিৰ অধ্যক্ষ গ্রেক বার্কলেই কয়— ‘আইচি চিৰ মহিলা প্ৰতিযোগিতাসমূহ আয়োজন কৰিবলৈ বাংলাদেশ, ভাৰত, ইংলেণ্ড আৰু শ্ৰীলংকাক দায়িত্ব প্ৰদান কৰাৰ বাবে আনন্দিত। মহিলা খেলৰ বিকাশ ত্বৰান্বিত কৰাটো আই চি চিৰ অন্যতম কৌশলগত অগ্ৰাধিকাৰ। ইফালে বি চি চি আইৰ সচিব জয় শ্বাহৰ মতে ২০২৫ চনৰ আই চি চি মহিলা ক্রিকেট বিশ্বকাপ আয়োজন কৰিবলৈ পাই আমি আনন্দিত আৰু বি চি চি আয়ে ইয়াক সকলো প্ৰকাৰে স্মৰণীয় কৰি তুলিবলৈ কোনো অৱহেলা নকৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply