ওমানৰ ৰাজধানী চহৰ মাস্কটত চলি থকা বিশ্ব ৰেচ ৱাকিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলাৰ দলটোৱে ব্ৰঞ্জৰ পদক জয় কৰি এক নতুন অভিলেখ ৰচনা কৰে ।

২০ কিলোমিটাৰ দূৰত্বৰ এই পদকৰ জড়িয়তে ভাৰতীয় মহিলা এথলীটৰ দলটোৱে এক নতুন ইতিহাস গঢ়িলে । পদক জয়ী ভাৰতীয় দলটো হ’ল ভাৱনা জাট, ৰবিনা আৰু মুনিতা প্ৰজাপতি ।

প্ৰতিযোগিতাত চীনে স্বৰ্ণ আৰু গ্ৰীচে ৰূপৰ পদক লাভ কৰে । এই পদকৰ যোগেদি ৬১ বছৰীয়া বিশ্ব ৰেচ ৱাকিং দলীয় চেম্পিয়নশ্বিপত ভাৰতৰ মহিলা দলে প্ৰথমবাৰলৈ পদক অৰ্জন কৰিলে । ইয়াৰ পূৰ্বে ২০১২ চনত ভাৰতীয় পুৰুষ দলে ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

লগতে পঢ়ক- মণিপুৰত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply