নিউজ ডেস্ক: আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে ভাৰতৰ দবা গ্ৰেণ্ডমাষ্টাৰ তথা পাঁচবাৰৰ বিশ্ব দবা চেম্পিয়ন বিশ্বনাথন আনন্দ।

আজি আন্তৰ্জাতিক দবা ফেডাৰচনৰ সভাপতি আৰু উপ-সভাপতি পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনত আনন্দ উপ-সভাপতি নিৰ্বাচিত হোৱাৰ বিপৰীতে সভাপতি পদত আৰ্কাডি ডভোৰ্কভিচ দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হয়।

ডভোৰ্কভিচে ১৫৭টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিপক্ষ আদ্ৰে বেপিস্পোলেটছে লাভ কৰে মাত্ৰ ১৬টা ভোট।

উল্লেখযোগ্য যে পাঁচ বাৰৰ বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দ আৰ্কাডি ডভোৰ্কভিচৰ দলৰ। ১৯৮৮ চনত ভাৰতৰ পৰা প্ৰথম গ্ৰেণ্ডমাষ্টাৰ হোৱা আনন্দে ২০১৭ চনত বিশ্বৰ দ্ৰুততম দবা খেলুৱৈৰ খিতাপ অৰ্জন কৰিছিল।

লগতে পঢ়ক – কাবুলত বোমা বিস্ফোৰণত ৮ জন নিহত, ২০ ৰো অধিক আহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply