নিউজ ডেস্কঃ বাৰ্মিংহামত অহা ২৮ জুলাইৰ পৰা আৰম্ভ হ’ব কমনৱেল্থ গেমছ। কিন্তু তাৰ মাজতে ভাৰতীয় ক্ৰীড়াপ্ৰেমীসকলৰ বাবে আহিছে এক দুখবৰ।
কমনৱেল্থ গেমছত ভাৰতৰ হৈ পদক অৰ্জন কৰিব বুলি আশা কৰি থকা নীৰজ চোপ্ৰা আঘাতপ্ৰাপ্ত হোৱাৰ বাবে তেওঁ এই টুৰ্নামেন্টৰ পৰা বাহিৰ কৰিবলগীয়া হৈছে।
টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰা এথলিট নীৰজ চোপ্ৰাক আঘাতপ্ৰাপ্ত হৈছিল। যাৰ বাবে তেওঁ এতিয়া কমনৱেল্থ গেমছত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা দূৰত থাকিবলগীয়া হৈছে।
উল্লেখ্য যে, দেওবাৰে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত আঘাত পোৱা নীৰজ চোপ্ৰা কমনৱেল্থ গেমছত খেলিব নোৱাৰা বুলি জনাৰ পাছত ভাৰতীয় ক্ৰীড়াপ্ৰেমীসকলে দুখ প্ৰকাশ কৰিছে। ইণ্ডিয়ান অলিম্পিক সংঘৰ সচিব জেনেৰেল ৰাজীৱ মেহতাই এথলিট গৰাকী আঘাতপ্ৰাপ্ত হোৱা কথা স্পষ্ট কৰিছে।