৪১ বছৰৰ পিছত ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় হকী দলে। ভাৰতীয় পুৰুষ হকী দলে অনবদ্য প্ৰদৰ্শনেৰে ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে গ্ৰেট ব্ৰিটেইনক।

দেওবাৰে বিয়লি গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ৩-১ গ’লৰ ব্যৱধানত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে।

খেলৰ প্ৰথমাৰ্ধত দিলপ্ৰীত আৰু গুৰজণ্টৰ ষ্টিকত যাদুৰে ব্ৰিটেইনক দুটা গ’ল দিবলৈ সক্ষম হয়। কিন্তু থাৰ্ড কোৱাৰ্টাৰৰ একেবাৰে শেষত পেনাল্টী কৰ্ণাৰৰ জৰিয়তে এটা গ’ল পৰিশোধ কৰে ব্ৰিটেইনে।

খেলৰ ৫৭ মিনিটত ভাৰতৰ হৈ হাৰ্দিক সিঙে আন এটা গল কৰি দলক বিজয়ী আসনত বহুৱাবলৈ সক্ষম হয়। গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰি ৪১ বছৰৰ পিছত অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ভাৰতীয় দল।

লগতে পঢ়ক জোৰামথাংগাৰ সুৰ সলনি হ’ল, ৬ জনক হত্যা কৰি এতিয়া আলোচনা বাবে আগ্ৰহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply