নিউজ ডেস্ক: টকিঅ’ অলিম্পিকৰ পৰা আহিল এক ভাল খবৰ। ৪১ বছৰৰ পাছত ভাৰতে অলিম্পিকত জাৰ্মানীক ৫-৪ গ’লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিলে। ১৯৮০চনত ভাৰতীয় হকী দলে ম’স্কো অলিম্পিকত অন্তিমবাৰৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰিছিল।

তৃতীয় স্থান নিৰ্ধাৰণকাৰী আজিৰ মেচখনৰ প্ৰথমটো গ’ল জাৰ্মানীয়ে কৰে। তাৰপাছত ভাৰতীয় হকী খেলুৱৈ ছিমৰণজীৎ সিঙে কৰে ভাৰতৰ হৈ প্ৰথমটো গ’ল। তাৰপাছত পুনৰ জাৰ্মানীয়ে ৩-১ গ’লত আগবাঢ়ি যায় যদিও অৱশেষত ভাৰতীয় দলটোৱে জাৰ্মানীক ৫-৪ গ’লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক নিশ্চিত কৰে।

ভাৰতীয় হকী দলক ফোন যোগে শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে । ভাৰতীয় হকী দলৰ মূল পৃষ্ঠপোষক ওদিছা চৰকাৰৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও শুভেচ্ছা জনাইছে ।

আনহাতে ভাৰতীয় মহিলা মল্লযুঁজাৰু ভিনেছ ফ’গাট কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ।
মহিলা ৰেছলিঙৰ ৫৩ কেজি ওজনৰ শাখাত জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ফ’গাটৰ।
ছুইডেনৰ ছোফিয়া মেগডেলেনা মেটছনক ৭-১ পইন্টত পৰাস্ত কৰে ভাৰতীয় ৰেছলাৰ গৰাকীয়ে।
ৰেছলিঙত স্বৰ্ণ লাভৰ আশাৰে এনেদৰে আগবাঢ়িছে ভাৰতীয় মল্লযুঁজাৰুগৰাকী।

লগতে পঢ়ক অসম-মিজোৰাম সীমান্তত স্থায়ী শান্তিৰ বাবে আইজল পালেগৈ অসমৰ দুই মন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply