উইম্বলডনৰ জুনিয়ৰ শাখাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে অসম মূলৰ আমেৰিকান খেলুৱৈ সমীৰ বেনাৰ্জী |

আজি অনুষ্ঠিত ফাইনেলত সমীৰে আমেৰিকাৰে ভিক্টৰ লি’লভক ৭-৫, ৬-৩ চেটত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে |

৮০ দশকতে সমীৰৰ দেউতাক কুনাল বেনাৰ্জীয়ে আমেৰিকালৈ গুছি গৈছিল | তেওৰ জন্ম অসমত | পত্নী উষাৰ ঘৰ অন্ধ্ৰপ্ৰদেশত আছিল | পিতৃ বিত্ত বিভাগত কাম কৰে |

ইয়াৰ পূৰ্বে ৰামনাথন কৃষ্ণন, ৰমেশ কৃষ্ণন, লিয়েন্ডাৰ পেজ আৰু সুমিত নাগ’লে (ডাবলছ) উইম্বলডনৰ জুনিয়ৰ খিতাপ অৰ্জন কৰিছিল |

লগতে পঢ়ক চাৰি সন্তানক এৰি পতি-পত্নীৰ পুনৰ সংসাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply