পেৰা অলিম্পিকত ভাৰতে আজিৰ দিনটোত ভাল প্ৰদৰ্শনে দেশলৈ কঢ়িয়াই আনিছে বহু কেইটা সফলতা ।
অবনী লেখাৰা প্ৰথম ভাৰতীয় হিচাবে ১০ মিটাৰ এয়াৰ ৰাইফল ইভেন্টত দেশলৈ প্ৰথমটো স্বৰ্ণ কঢ়িয়াই ।পেৰালিম্পিকত স্বৰ্ণ পদক পোৱা প্ৰথম গৰাকী মহিলা খেলুৱৈ ।

ডিছকাছ থ্ৰ’ৱাৰ যোগেশ কাথুনিয়াৰ জৰিয়তে দিনটোৰ দ্বিতীয়টো পদক আহে | তেও লাভ কৰে ৰূপৰ পদক। ২৪ বছৰীয়া স্নাতক কাথুনিয়াই ৪৪.৩৮ মিটাৰ দলীয়াই এই সন্মান লাভ কৰে ।

আনহাতে জেভলিন থ্ৰ’ত দুই ভাৰতীয় তাৰকাই পদক বুটলিবলৈ সক্ষম হয় । দেবেন্দ্ৰ ঝাঝাৰিয়াই ৰূপৰ পদক পোৱাৰ লগতে ভাৰতৰ সুন্দৰ সিং গুজ্জৰে ব্ৰ্ঞ্জৰ পদক লাভ কৰে ।
দেবেন্দ্ৰ ঝাঝাৰিয়াই ইয়াৰ পূৰ্বে ২০০৪ আৰু ২০১৬ পেৰালিম্পিকতো স্বৰ্ণ জয় কৰিছিল ।
এতিয়ালৈকে ভাৰতে এটা স্বৰ্ণ চাৰিটা ৰূপ দুটা ব্ৰ্ঞ্জ সহ ৭ টা পদক লাভ কৰিছে ।

লগতে পঢ়ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভদীয়া  বান : গাড়ীৰ খুন্দাত পহুৰ মৃত্যু

উল্লেখ্য যে কালিৰ দিনটোত টকিঅ’ পেৰালিম্পিকছত ভাৰতৰ পদকৰ হেট্ৰিক, ভাৱিনা আৰু নিশাদৰ পিছত বিনোদ কুমাৰে জয় কৰে তৃতীয়টো পদক ।
টকিঅ’ পেৰালিম্পিকছত ভাৰতৰ পদকৰ হেট্ৰিক, ভাৱিনা আৰু নিশাদৰ পিছত বিনোদ কুমাৰে জয় কৰিলে তৃতীয়টো পদকবিনোদ কুমাৰে ডিচকাছ থ্ৰোত ব্ৰঞ্জৰ পদক জয় কৰে। ডিচকাছ থ্ৰো ইভেণ্টৰ ফাইনেলত তেওঁ ১৯.৯১ মিটাৰ দলিয়াইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply